Latmandal Arrested In Goshaigaon:পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাটমণ্ডল সহ দুজন

latmandal arrested

Latmandal Arrested In Goshaigaon:

উৎকোচ লৈ পুনৰ আটক দুজন চৰকাৰী কৰ্মচাৰী ৷ ২৫ হাজাৰ টকা উৎকোচ লওতেই হাতে-লোটে আটক কৰে দুনীৰ্তি নিবাৰক শাখাই

গোসাঁইগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মঙলবাৰে দুনীৰ্তি নিবাৰক শাখাই অৰ্তকিতে চলোৱা অভিযানত আটক হোৱা চৰকাৰী কৰ্মচাৰী দুজন হ’ল লাটমণ্ডল ইমামুল হক আৰু মহৰি ওহেদ আলী ৷

ইতিমধ্যে আটকাধীন দুয়োজনকে অধিক জেৰাৰ বাবে দুনীৰ্তি নিবাৰক শাখাৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ অনাৰ দিহা কৰা হৈছে ৷

Exit mobile version