Mla A k Rashid Alom Pressmeet:অমৃত কলহ যাত্ৰাকলৈ কংগ্ৰেছত কন্দল !

বিধায়ক এ কে ৰছিদ আলমৰ বিস্ফোৰক মন্তব্যৰ বাবেই, দলৰ পৰা নিলম্বিত গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰী, দলীয় ৰোষত পৰাৰ ভয়ত ইউটাৰ্ণ বিধায়ক এ কে ৰছিদ আলমৰ, দলৰ নিয়ম সকলোৰে বাবে সমান হ'ব লাগে- নিলম্বিত আফুজা বেগম

pressmeet

Mla A k Rashid Alom Pressmeet:

অমৃত কলহ যাত্ৰাকলৈ কংগ্ৰেছত আৰম্ভ হৈছে কন্দল । ইপিনে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে দিয়া বিস্ফোৰক মন্তব্যৰ বাবেই গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰীক মঙলবাৰে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

উল্লেখ্য যে দাম্ভিকতাপূর্ণ মন্তব্যৰে সদায় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচৰা বিধায়ক এ কে ৰছিদ আলমে সংবাদমাধ্যমৰ আগত দলৰ কেতবোৰ নীতিৰ বিৰুদ্ধে তথা দলৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী সর্বেসর্বা নহয় বুলি কোৱাৰ লগতে অমৃত কলহ যাত্ৰা চৰকাৰী কাৰ্যসূচী হোৱা হেতুকে সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰিছিল ।

কিন্তু আজি নিজ বাসভৱনত এখন সংবাদমেলৰ আয়োজন কৰি দুদিন পূর্বে সংবাদমাধ্যমত দিয়া মন্তব্য ২৪ ঘন্টাৰ ভিতৰত ইউটাৰ্ণ লৈ সংবাদ মাধ্যমত ভূলকৈ উপস্থাপন কৰা হৈছে বুলি কৈ মন্তব্য কৰে বহুবল্কী বিধায়কগৰাকীয়ে।

দলীয় অনুশাসনৰ বলি হোৱাৰ ভয়ত দুদিন পূৰ্বে দলৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দলৰ সৰ্বেসর্বা নহয় বুলি দাম্ভিকতাৰে মন্তব্য দিয়া বিধায়ক গৰাকীয়ে আজি সুৰ সলনি কৰি কেৱল ভূপেন বৰাৰ প্ৰশংসাত গদ গদ হৈ পৰে ।
পূৰ্বৰ স্থিতি সলনি কৰি বিধায়ক এ কে ৰছিদ আলমে সংবাদমাধ্যমৰ আগত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বলিষ্ঠ নেতৃত্বত কংগ্ৰেছ দল অতি সুন্দৰভাৱে চলি আহিছে।

“ইণ্ডিয়া” গঠনত সভাপতি ভূপেন বৰাৰ যি অৰিহনা তাক সকলোৱে স্বীকাৰ কৰিব লাগিব বুলি কৈ সভাপতি ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়কগৰাকীয়ে। ইফালে বিধায়ক গৰাকীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি গোৱালপাৰাৰ দুই কংগ্ৰেছ নেতাক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিলম্বন কৰা সন্দৰ্ভত দলৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগত কথা পাতি নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাব বুলি মন্তব্য কৰে ।

তাৰোপৰি বিধায়কগৰাকীৰ বিৰুদ্ধে দলে কিবা অনুশাসনমুলক ব্যৱস্থা গ্ৰহন কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আলমে দাম্ভিকতাৰে কয় যে মোৰ বিৰুদ্ধে দলে কেতিয়াও কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহন কৰিব নোৱাৰে সেয়া মোৰ আত্মবিশ্বাস আছে।

কাৰন কংগ্ৰেছ দলত মোৰ অৱদান যথেষ্ট আছে। মোৰ নেতৃত্বত গোৱালপাৰাৰ কংগ্ৰেছ ভৱনটো কংগ্ৰেছ ভৱন হৈছে। তাৰোপৰি গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা কংগ্ৰেছ কার্যালয় চৌহদত বিধায়ক গৰাকীৰ নেতৃত্বত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুন গগৈৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাবেই অসম প্ৰদেশকংগ্ৰেছে গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বুদুচৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আফুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি তথা সূর্যগিৰি গাওঁ পঞ্চায়তৰ সভাপতি আইনুল হক চৌধুৰীক নিলম্বন কৰে।

উক্ত নিলম্বন পত্ৰত উল্লেখ কৰা মতে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে বৈদ্যুতিন মাধ্যম্যত সাক্ষাৎকাৰ দি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতিয়ে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা বুলি কৈছিল।

বিধায়কৰ উক্ত সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ অনুমোদন মৰ্মে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে আজি গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে ৷

ইফালে নিলম্বিত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগমে সংবামাধ্যমৰ আগত ক্ষোভ উজাৰি কৰি কয় যে দলৰ নীতিনিয়ম সকলোৰে বাবে সমান হব লাগে ৷ ১০ গৰাকী বিধায়কে অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ পাছতো বিধায়ক সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰি আমাৰ দৰে সৰু সৰু দলৰ কৰ্মী সকলৰ বিৰুদ্ধে অনুশাসনমুলক ব্যৱস্থা লৈছে ৷

মই কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কর্মী। দলৰ হৈ মোৰ পঞ্চায়তত যথেষ্ট কাম কৰি আহিছোঁ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ নকৰিবলৈ দলৰ কোনো নিৰ্দ্দেশ আমি পোৱা নাছিলো৷ ম‍ই যিহেতু গাঁও পঞ্চায়তৰ সভানেত্রী সেয়ে ৰাইজৰ প্ৰতিনিধি হিচাপে মই অমৃত কলহ কাৰ্যসূচীত উপস্থিত আছিলোঁ বুলি মন্তব্য কৰে আফ্রুজা বেগমে।

ইফালে মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰীয়ে কয় যে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ বাবে দলৰ ফালৰ পৰা কোনো নিৰ্দেশ নোপোৱাৰ বাবেই অংশগ্ৰহণ কৰিছিলো।

ইপিনে নাম প্রকাশত অনিচ্ছুক কংগ্ৰেছ একাংশ কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে দাম্ভিকতাৰে বিস্ফোৰক মন্তব্য কৰা বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি অৰ্থাৎ ৰৌ বৰালিক ৰক্ষনা বেক্ষন দি কেৱল পুঠি খলিহনা সদৃশ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটোৱে কি সুচাইছে বুলি মন্তব্য কৰে।

Exit mobile version