Sensational Incident In Mangaldoi:
মঙলদৈত চাঞ্চল্যকৰ ঘটনা ৷ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় কৰিম চ’কত ৷
একেটা কোঠাৰ ভিতৰত ৭৫ বছৰীয়া দুৰ্গেশ্বৰী দেৱীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে পুত্ৰ বিৰাজ শৰ্মা(৫৫) চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৷
ইতিমধ্যে এই ঘটনা বিয়পি পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ মঙলদৈতে ৷ প্ৰাপ্ত খবৰ অনুসৰি ৭৫ বছৰীয়া বৃদ্ধা দুৰ্গেশ্বৰী দেৱী বহুদিন ধৰি অসুস্থ হৈ আছিল ৷ আনহাতে বিৰাজ শৰ্মাই সৰু দোকান এখন দি দুয়ো মাতৃ- পুত্ৰ পেট প্ৰৱতাই আছিল যদিও দুয়ো সন্মুখীন হৈছিল তীব্ৰ আৰ্থিক সংকটৰ ৷
উল্লেখ্য যে,দুৰ্গেশ্বৰী দেৱীৰ সৰু পুত্ৰ গুৱাহাটীৰ এখন আগশাৰী কলেজত অধ্যাপনা কৰে ৷ বিৰাজ শৰ্মা আছিল ঘৰখনৰ জ্যেষ্ঠ সন্তান ৷ সৰু পুত্ৰই ঘৰখনলৈ পিঠি দি গুৱাহাটীত এক সচ্ছল জীৱননিৰ্বাহ কৰিছিল ৷ কোনোদিনেই খবৰ লোৱা নাছিল বৃদ্ধা মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ ৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷