Fancy Bazar Puja Bazar:ফাচীবজাৰত বিৰ দি বাট নোপোৱা অবস্হা

বিক্ৰী আশাপ্ৰদ নহয় !

fancy bazar

Fancy Bazar Puja Bazar:

আকৌ আহিছে শাৰদীয় দুৰ্গোৎসৱ। পূজা আহিলেই ন-বস্ত্ৰ কিনিবলৈ ভিৰ কৰে বজাৰত ৷ একেদৰে বিৰ দি বাট নোপোৱা হোৱা মহানগৰীৰ ফাঁচি বজাৰত এইবাৰো পূৰ্বৰ দৰে ক্ৰেতাৰ যথেষ্ট ভীৰ বাঢ়িছে ৷

আনহাতে ক্ৰেতাৰ ভীৰ বঢ়াৰ সন্দৰ্ভত বিক্রেতাই কয়, ৰাইজৰ উপস্থিতি যদিও বেছি দেখা গৈছে কাৰ্যত: এটা কাপোৰ কিনিবলৈ আহোতে লগত অহা চাৰিজনেহে ভীৰ কৰিছে দোকানত ৷ কিন্ত বিক্ৰী আশানুৰূপ নহয় ৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ বজাৰ ভাল নহয় বুলিয়ে মন্তব্য কৰে ফাঁচী বজাৰৰ বস্ত্ৰ ব্যৱসায়ীয়ে ৷

তথাপিও যেন উত্তৰ- পূৰ্বাঞ্চলৰ বস্ত্ৰ ব্যৱসায়ৰ অন্যতমস্থলী ফাচীবজাৰত লোকে লোকাৰণ্য হৈ পৰিছে ৷ বজাৰৰ প্ৰতিটো পথত বিৰদি বাট নোপোৱাৰ দৰে প্ৰতিখন দোকানত ক্ৰেতাৰ ভীৰ যথেষ্ট বৃদ্ধি পাইছে ৷

আনহাতে আবেলিৰ পৰা নিশালৈ ফাঁচী বজাৰত বিগত দিনকেইটাত ক্ৰেতাৰ ভীৰ বেছি হোৱা পৰিলক্ষিত হৈছে ৷

Exit mobile version