Drugs With Paddlers Arrested:মহানগৰীৰ খানাপাৰাত এছ টিএফৰৰ ড্ৰাগছ বিৰোধী অভিযান

উৰণসেতুৰ তলৰ পৰা জব্দ ৮৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ

paddler arrested

Drugs With Paddlers Arrested:

ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে কৰিডৰ হৈ পৰা গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি ড্ৰাগছ সৰবৰাহ ৷ অসম আৰক্ষী স্পেচিয়েল টাস্ক ফৰ্চ(এছটিএফ)শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে ৷

এছ টিএফৰ মাৰাথন অভিযানৰ মাজত খানাপাৰা উৰণীয়া সেঁতুৰ তলত জব্দ হ’ল ৮৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷ লগতে এছ টিএফৰ জালত পৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰী কেইজনৰ নাম কেটেপ বড়ো, চুনাবানো বেগম,ধন ৰাভা আৰু আইনুল শ্বেখ ৷

উল্লেখ্য যে, আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজনে খানাপাৰা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছিল ৷

Exit mobile version