Horoscope: মেষ : যিমান কাম কৰিলেও সহকৰ্মীক সন্তুষ্ট কৰা টান। কোনো পদযাত্ৰাত অংশগ্ৰহণ নকৰিব। শুভ ৰং বগা। অশুভ ৰং নীলা। শুভ সংখ্যা ৪।
বৃষ : ব্যৱসায়ত প্ৰচুৰ উন্নতি। জুইৰ পৰা ক্ষতিৰ যোগ। মাটি-বাৰীৰ সমস্যা সমাধান। শুভ ৰং আকাশী। অশুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
মিথুন : যাকে-তাকে বিশ্বাসত সাৱধান। খং নকৰিব। শৰীৰ চৰ্চা কৰা সকলে সুফল পাব। প্ৰেমত মধুৰ, শুভ ৰং নীলা। অশুভ ৰং সেউজীয়া । শুভ সংখ্যা ১।
কৰ্কট : যকৃত ৰোগত আকান্ত হ’ব পাৰে। যিকোনো কাম কৰাৰ আগেয়ে চিন্তা কৰক। ব্যয় বৃদ্ধি। কর্মত জটিলতা। শুভ ৰং মেৰুণ। অশুভ ৰং কমলা। শুভ সংখ্যা ২।
সিংহ : দূৰদৰ্শী হওক, উন্নতি হ’ব। আনক প্রলোভিত নকৰিব। মনৰ অস্থিৰতা আঁতৰিব। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব। শুভ ৰং হালধীয়া। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
কন্যা: গৃহ শৃংখলা ৰক্ষা কৰিব। প্ৰেমত সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ শুভ। আয় বৃদ্ধি। শুভ ৰং নীলা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ২।
তুলা : চৰকাৰী নিযুক্তি পাব পাৰে। সমস্যা সমাধানৰ চেষ্টা কৰক। কাহ-জ্বৰ হ’ব পাৰে। আনৰ পৰা প্ৰশংসা পাব। শুভ ৰং বগা। অশুভ ৰং ।ক’লা। শুভ সংখ্যা ১।
বৃশ্চিক : যাকে-তাকে সংগ নিদিব। বিদেশ ভ্ৰমণৰ যোগ। ক্ষমতা দখলৰ চিন্তা মনলৈ নানিব । খৰচৰ মাত্ৰা বৃদ্ধি। শুভ ৰং ৰঙা । অশুভ ৰং কমলা । শুভ সংখ্যা ৯ ৷
ধনু : কাৰো স’তে বিবাদত লিপ্ত নহ’ব। কৰ্মত আনৰ সহযোগ পাব। আনৰ পৰা বেছি আশা নকৰিব। ব্যৱসায়ত লাভ। শুভ ৰং ৰঙা । অশুভ ৰং ক’লা। শুভ সংখ্যা ৪।
মকৰ : কোনো লোকে মানহানি কৰিব পাৰে। ৰক্তচাপ বৃদ্ধি পাব পাৰে। দুষ্ট লোকে প্ৰতাৰণা কৰিব পাৰে। শুভ ৰং মুগা। অশুভ ৰং ৰূপালী । শুভ সংখ্যা ৩।
কুম্ভ : স্থিৰ চিন্তাৰে সমস্যা মোকাবিলা কৰক। বিদ্যাত আনন্দ। সমস্যা সমাধান হ’ব পাৰে। ৰোগ কমিব। শুভ ৰং হালধীয়া। অশুভ ৰং সোণালী। শুভ সংখ্যা ৫।
মীন : সৎ সাহস বৃদ্ধি পাব। পাৰিবাৰিক সুস্থিৰতা । ধনৰ প্ৰতি লালসা বৃদ্ধি পাব। বিদ্যাত শুভ। শুভ ৰং মেৰুণ, অশুভ ৰং কমলা। শুভ সংখ্যা ৬।































