Shraddhanjaki Fly Over In RG Baruah Road:মহানগৰীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুঁত নিশা সুৰামত্ত যুৱতীৰ তাণ্ডৱ !

flyover 2

Shraddhanjaki Fly Over In RG Baruah Road:

নিশা হোৱাৰ লগে লগে মহানগৰীত একাংশ মাতাল যুৱক-যুৱতীৰ উদ্ভণ্ডালিয়ে শুক্ৰবাৰে চৰম সীমা অতিক্ৰম কৰে।

যোৱা নিশা আৰ জি বৰুৱা ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেঁতুত এখন চাৰিচকীয়া বাহনত কে’বা গৰাকী সুৰামত্ত যুৱক- যুৱতীয়ে বিপজ্জনক ষ্টাণ্ট কৰিছিল । ইতিমধ্যে এই দৃশ্য সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱাৰ পাছতে তৎপৰ হৈ পৰে গীতানগৰ আৰক্ষী।

আনকি সামাজিক মাধ্যমক এনে কাৰ্য দেখি সচেতন মহলে গৰিহণা দিয়ে ৷ আনহাতে গীতানগৰ আৰক্ষীয়ে বাহনৰ নম্বৰ সংগ্ৰহ কৰি তলৱ কৰিছে গাড়ীৰ স্বতাধিকাৰক ৷ এনে প্ৰেক্ষাপটত যিকোনো মুহূৰ্ততে আটক কৰিব পাৰে নিশা গাড়ীৰে ষ্টাণ্ট কৰা যুৱক- যুৱতী কেইগৰাকী ৷

Exit mobile version