Ulfa Will Be Broken: :শীৰ্ঘেই বিলুপ্ত হ’ব আলফা !

আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ঘোষণা

ulfa

Ulfa Will Be Broken:

অচিৰেই বিলুপ্ত হ’ব আলফা ৷ আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ব আলোচনাপন্থী আলফাক ৷ বুধবাৰে কাজিৰঙাত অনুষ্ঠিত আলফাৰ জৰুৰী সাধাৰণ পৰিষদৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

আনহাতে,কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ অন্তত সম্পাদিত চুক্তি স্বাক্ষৰৰ পাছতে ভংগ কৰা হ’ব ঐতিহাসিক সংগঠনটিক ৷

আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠক খনত আলফাৰ খচৰা দাবী চনদত উল্লেখ কৰা এন আৰ চি শুদ্ধৰূপত উন্নীতকৰণ আৰু ৰাজ্যৰ ৯৪ টা বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰা হয় ৷

উল্লেখ্য যে, আলফা ভংগ কৰাৰ পাছতে সভাপতি অৰবিন্দ ৰাজখোৱা নিজ গাঁৱলৈ গৈ স্বাভাৱিক জীৱনযাত্ৰা কৰাৰ বিপৰীতে ৰাজু বৰুৱা ব্যৱসায়ত ব্যস্ত হ’ব ৷ আনহাতে শশ চৌধুৰী ৰাজনৈতিক দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷

Exit mobile version