j&K Loc Firing:জম্মু-কাশ্মীৰৰ আৰ্ণিয়াৰ লাইন অৱ কন্টলত পাকিস্তানী সেনাৰ গুলীচালনা

গুলীবৰ্ষণত আহত বাসৱৰাজ এছ আৰ নামৰ এজন বিএছ এফ জোৱান,বিএছএফৰ গোলা বৰ্ষণত দুটা পাকিস্তানী নিৰীক্ষণ টাৱাৰ ধ্বংস

pak ranger firing

j&K Loc Firing:

ভাৰত-পাক সীমান্তত যোৱা নিশা নিৰ্বিচাৰ গুলীবৰ্ষণ নিশা ৮ বজাৰ পৰা হঠাতে গুলীচালনা কৰে পাকিস্তানী ৰেঞ্জাৰে

জম্মু-কাশ্মীৰৰ আৰ্ণিয়াৰ লাইন অৱ কন্টলত সংঘটিত চুবুৰীয়া দেশ খনৰ অপ্ৰৰোচিত গুলীচালনাৰহ সময়োচিত প্ৰত্যুত্তৰ দিয়ে বিএছএফে৷ বিএছএফৰ গোলা বৰ্ষণত দুটা পাকিস্তানী নিৰীক্ষণ টাৱাৰ ধ্বংস হোৱাৰ লগতে পাকৰ সীমান্তৱৰ্তী অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ৷

আনহাতে পাক ৰেঞ্জাৰৰ গুলীবৰ্ষণত বাসৱৰাজ এছ আৰ নামৰ এজন বিএছ এফ জোৱান সহ চাৰিজন সাধাৰণ নাগৰিক আহত হয় ৷ পাকিস্তানী সেনাই মৰ্টাৰ, মেচিন গানেৰে আক্ৰমণ কৰিছিল সীমান্তত ৷

উল্লেখ্য যে,ভাৰতৰ চিৰবৈৰী দেশখনে আৰ্ণিয়াৰ লাইন অৱ কন্টলত বিএছএফৰ চকীত নিশা আক্রমণ কৰা ঘটনা প্ৰায় পাঁচবছৰৰ মুৰত সংঘটিত কৰি যুদ্ধবিৰত আইন উলংঘা কৰিছে বুলি অভিযোগ কৰে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে ৷

পাকিস্তানী ৰেঞ্জাৰৰ অপ্ৰৰোচিত গুলীচালনা ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

বিগত চাৰি-পাঁচ বছৰৰ পাছত সংঘটিত এনে ঘটনাৰ পাছতে ভাৰতীয় সেনাই নিৰাপত্তাজনিত কাৰণত সীমান্তৱৰ্তী দাঁতিকাষৰীয়া চাইখার্দ, বুৰেজেল, চাকবুল্লা, দেৱীগড় আদি গাঁওসমূহ খালী কৰাৰ লগতে সাধাৰণ নাগৰিকক নিৰাপদস্থানলৈ স্থানান্তৰিত কৰিছে ৷

Exit mobile version