Hajo Murder:হাজোত নৃশংস হত্যাকাণ্ড

লাঠিৰে মৰিয়াই হত্যা সহকৰ্মীক

hajo police

Hajo Murder:

হাজোৰ অভয়পুৰত নৃশংস হত্যাকাণ্ড। এটা বেকাৰিৰ কৰ্মচাৰী এজনে সহকৰ্মীক লাঠিৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ অভয়পুৰ অঞ্চলতস্থিত ‘ৰুচি বেকাৰী’ত সংঘটিত হয় লোমহৰ্ষক কাণ্ড

সহকৰ্মীৰ নৃশংসতাৰ বলি হোৱা লোকজনৰ নাম ধনেশ্বৰ ডেকা। আনহাতে হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰে ঘাতক উপেন কাড়ী ৷

আনহাতে ৰুচি বেকাৰী’ত আৰক্ষী উপস্থিত হৈ ধনেশ্বৰ ডেকাৰ মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বেকাৰীৰ স্বতাধিকাৰ নয়নজ্যোতি ঠাকুৰিয়াক সোধপোছৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version