Manager Of Charaideu Parbat Tea Estate Beaten Up: চৰাইদেউৰ পৰ্বত চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

বাগিচাখনৰ পৰিচালকক শ্ৰমিকৰ গণ প্ৰহাৰ, গুৰুতৰভাৱে আহত পৰিচালক চামিল হুচেইনক ভর্তি চিকিৎসালয়ত

pabat tea estate 2

Manager Of Charaideu Parbat Tea Estate Beaten Up:

চৰাইদেউ পৰ্বত চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি ৷একাংশ উত্তেজিত শ্ৰমিকৰ গণ প্ৰহাৰৰ সন্মুখীন হ’ল বাগিছ খনৰ পৰিচালক চামিল হুচেইন। শ্ৰমিকৰ দলবদ্ধ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় বাগিছাৰ পৰিচালক চামিল হুচেইন।

প্ৰাপ্ত খবৰ অনুসৰি, পৰ্বত চাহ বাগিছা খনৰ পৰিচালকৰ অকমন্যতা আৰু গাফিলতিৰ বাবেই দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে বাগিছাখন ৷

ইয়াৰ ফলত বাগিছাৰ শ্ৰমিকসকল সন্মুখীন হৈছিল তীব্ৰ আৰ্থিক সংকটৰ ৷ আনকি যোৱা দুৰ্গা পূজাৰ সময়তো পৰিচালকৰ চৰম ব্যৰ্থতাৰ বাবেই বোনাচৰ পৰা বঞ্চিত হয়  শ্ৰমিকসকল ৷

আৰ্থিক অনাতন আৰু বোনাচৰ পৰা বঞ্চিত হোৱাৰ পাছতে ক্ষোভত ফাটি পৰে শ্ৰমিকসকল ৷ বুধবাৰে ক্ষোভৰ বহি:প্ৰকাশ ঘটে ৷ বাগিছাৰ পৰিচালক
চামিল হুচেইন বাগিছাখনত উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰি দুপৰীয়াভাগত একাংশ ক্ষুব্ধ শ্ৰমিকে তেওঁক দলবদ্ধভাৱে উপযুপৰি প্ৰহাৰ কৰে ৷

শ্ৰমিকৰ দলবদ্ধ প্ৰহাৰত পৰিচালকজনে মূৰত আৰু বুকুত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পাছত আৰক্ষীয়ে বাগিছা খনত সংঘটিত উত্তপ্ত পৰিস্থিতিৰ বিষয়ে জানিব পাৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিচালকজনক ক্ষুব্ধ শ্ৰমিকৰ কবলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে ৷

সম্প্ৰতি চাহ বাগিছা খনত চেপা উত্তেজনা অব্যাহত আছে ৷

Exit mobile version