BTR Education:বিটিআৰৰ শিক্ষা বিভাগত নাজল নাথল অৱস্থা !

বাঁহৰে সজা চপৰা গৃহত কণ কণ শিক্ষাৰ্থীৰ পাঠদান

btr education

BTR Education:

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰা বিটিআৰৰ শিক্ষা বিভাগক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৱ বুলি সভাই সমিতিয়ে ফুঁলজাৰি মাৰি ভাষণ দি আহিছে যদিও প্ৰকৃতাৰ্থত বিটিচিৰ শিক্ষা বিভাগটোৰ কি অৱস্থাত আছে সেয়া হয়তো আপুনি দেখি হতভম্ভ হৈ পৰিব ৷

হয় ,আমি আজি চৰজমিন অনুসন্ধানত বিটিচিৰ শিক্ষা বিভাগৰ পয়ালগা দৃৰ্শ্য দাঙি ধৰিৱ ওলাইছো ৷ এয়া কোনো ভিতৰুৱা দূৰ্গম অঞ্চল নহয় ৷  বিটিচি সচিবালয়ৰ গাতে লাগি থকা চন্দ্ৰপাৰাত ৩২১ নং হেকাইপাৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাই বিটিচিৰ শিক্ষা বিভাগৰ উন্নয়নৰ ৰেহৰূপ উদঙাই দিব। কিয়নো বিগত ১৯৫১ চনত স্থাপিত হোৱা কোকৰাঝাৰ জিলাৰ  দোতমা ব্লকৰ চন্দ্ৰপাৰাস্থিত হেকাইপাৰা চৰকাৰী প্ৰাথমিক বিদ্যালয় আজি আন্তঃগাথনিৰ অভাৱত বাঁহৰে সঁজা চপৰা গৃহত কণ কণ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হৈছে ৷

য’ত চৰকাৰী উন্নয়নৰ ঢাক ঢোল বজাই অহা এইখন চৰকাৰী স্কুলৰ শ্ৰেণী কোঠা দেখিলে হয়তো খোদ লজ্জিত হৱ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে ৷ এনেকি প্ৰমোদ বড়োৰ হাতত থকা শিক্ষা বিভাগটোৰ এই দূৰৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপ কেনে অৱস্থাত আছে বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই ৷ স্কুল খনত ১৯৮ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ তিনিজন শিক্ষকে ছয়টা ক্লাছ চম্ভালিব লগা হৈছে ৷

য’ত বিদ্যালয় খনৰ শিক্ষক সকলে স্কুলৰ আন্তঃগাথনিৰ জৰাজীৰ্ণ অৱস্থা ,পৰ্যাপ্ত শিক্ষকৰ অভাৱ আৰু বাৰিষা দিনত আন শ্ৰেণী কোঠাৰ টিনপাত ফুঁটা থকাত পানীৰ মাজতে শ্ৰেণীত পাঠদান কৰা ইত্যাদি বিভিন্ন সমস্যাৰ কথা অকপটে স্কীকাৰ কৰে ৷

এইক্ষেত্ৰত বিভাগটোক অৱগত কৰিলেও কোনো গুৰুত্ব নাই বুলি আক্ষেপ কৰে শিক্ষাগুৰু সকলে ৷ এনেকি স্কুলখনত ক’ শ্ৰেণীৰ পাঠদান গছৰ তলত বহি কৰিৱ লগা অৱস্থা হোৱা বুলি কয় শিক্ষকৰ লগতে অঞ্চলটোৰ  ৰাইজে ৷

তেনেক্ষেত্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই চুপাৰ ফিফটি , জ্ঞানসৌৰাং বিথাংখি ইত্যাদি মিছন মুডত কাম কৰা বুলি সংবাদ মহলত দাবী কৰিলেও প্ৰকৃতাৰ্থত পৰিবৰ্তণৰ চৰকাৰখনে উন্নয়নৰ পৰিবৰ্তণ সাধিব পাৰিছেনে সেয়া এই সময়ৰ বাবে বৃহৎ প্ৰশ্ন।

Exit mobile version