Paddlar Arrested In Meghalaya With Amphetamine Tablets:মেঘালয়ত ২.৭৭১কিলো এমফেটামাইন টেবলেট সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

meghalaya

Paddlar Arrested In Meghalaya With Amphetamine Tablets:

প্ৰতিবেশী ৰাজ্য মেঘালয়ত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি,ৰাজ্য খনৰ লাড্ৰিমবাইত নিয়মীয়া তালাচীৰ চেকিঙৰ সময়ত শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত বাছত অভিযান চলাই এজন যাত্ৰীৰ পৰা জব্দ কৰে ২.৭৭১কিলো এমফেটামাইন টেবলেট ৷

উল্লেখ্য যে,দুটা বেগত ১৪৯ টা সৰু পেকেটৰ পৰা জব্দ কৰা হয় নিষিদ্ধ টেবলেট খিনি। নিচাযুক্ত টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শ্বিলঙৰ হৰিজন কলনিৰ সঞ্জু সিং নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

আটকাধীন সৰবৰাহকাৰীজনৰ বিৰুদ্ধে খেলৰিয়াট থানাত এটি গোচৰ ৰুজু কৰি মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version