Abaamsu Confarence In Gossaigaon:ভাওৰাগুৰিত এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

bhuna samaruh

Abaamsu Confarence In Gossaigaon:

গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিআমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নভেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ চলিছে ব্যাপক প্ৰস্তুতি।

ইতিমধ্যে অধিৱেশনৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে । অধিৱেশনখনৰ ৫ নভেম্বৰত মুকলি সভাত মূখ্য অতিথি হিচাপে এবিআমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুচেইন উপস্থিত থকাৰ লগতে ভালে কেইগৰাকী বিশিষ্ট বক্তা,নিৰ্দিষ্ট বক্তা উপস্থিত থাকিব।

অধিৱেশনৰ দুদিনীয়া কাৰ্য্যসূচীত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে উপস্থিত থাকি অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনায়।

Exit mobile version