Badaruddin Ajmal Controversy Speech In Mandira:মিঞা অবিহনে গুৱাহাটীত হ’ব কবৰস্থান !

পুনৰ বিতৰ্কিত মন্তব্য এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলৰ

ajmal

Badaruddin Ajmal Controversy Speech In Mandira:

সময়ে সময়ে কেতবোৰ বিৰ্তকিত মন্তব্য কৰি পৰৱৰ্তী সময়ত ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈ ক্ষমা খোজা এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলৰ পুনৰ মন্তব্য ৷

শাসন কৰিবলৈ মিঞাৰ হাত-ভৰি ধোৱা পানী খাব লাগিব ‘এশ বছৰেও মিঞাই নিদিয়ে হিমন্ত বিশ্বক ভোট ৷ বৰপেটাৰ মন্দিয়াত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ এইদৰে পুনৰ বিস্ফোৰক বিতৰ্কিত মন্তব্য কৰে ধুবুৰীৰ সাংসদ গৰাকীয়ে ৷

আজমলে আৰু কয় যে, আগন্তুক ২৪ৰ লোকসভা নিৰ্বাচনত ধৰাসায়ী হ’ব কংগ্ৰেছ-বিজেপি দল ৷ এইবাৰ লোকসভাৰ নিৰ্বাচন দেশৰ বাবে এটা ডাঙৰ পৰীক্ষা বুলি তেওঁ অভিহিত কৰে।

উল্লেখ্য যে,বৃহস্পতিবাৰে বৰপেটাৰ মন্দিয়াৰ বামুনদংৰাত এআইইউডিএফৰ এখন দলীয় কর্মী সভাত উপস্থিত থাকি কংগ্ৰেছ আৰু বিজেপিক টাৰ্গেট কৰি কেতবোৰ তিৰ্যক মন্তব্য কৰে ।

বহুবল্কী সাংসদ আজমলে কংগ্ৰেছ-বিজেপিক সমালোচনা কৰিবলৈ গৈ মিঞা সম্প্রদায়ক লৈ ধৰণৰ বিতৰ্কিত মন্তব্য আগবঢ়োৱাক ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Exit mobile version