Bollywood Actress Dia Mirza In Kaziranga: কাজিৰঙাত বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা

বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন, অভিনেত্ৰী দিয়া মিৰ্জা ডব্লিউ টি আই ৰ ব্ৰেণ্ড এম্বেছাডৰ

dia mirza 2

Bollywood Actress Dia Mirza In Kaziranga:

শণিবাৰে কাজিৰঙাত উপস্থিত হয়হি বলিউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা । অভিনেত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জ দৰ্শন কৰে।

ইয়াৰ পাছতে অভিনেত্ৰী মিৰ্জাই পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰও পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয়।

অভিনেত্ৰী গৰাকীয়ে কয়,কাজিৰঙা অভয়াৰণ্য মোৰ প্ৰিয় ঠাই ৷ আঠ বছৰ পূৰ্বে মই কাজিৰঙালৈ আহিছিলো ৷ শেহতীয়াকৈ দহবছৰৰ পৰা ডব্লিউ টি আইৰ লগত জড়িত হৈ আছে। মই সন্তুষ্টি লাভ কৰিছো যে ডব্লিউ টি আইৰ কামবোৰ দেখি ৷

ডব্লিউ টি আই-এ ইতিমধ্যে প্ৰায় সাত সহস্ৰাধিক বন্য প্ৰাণীক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত সময়োচিত চিকিৎসা প্ৰদান কৰি সুস্থ হৈ উঠাৰ পাছত পুনৰ মুকলি কৰি দিছে ৷
সাম্প্ৰতিক সময়ত পৰিবেশ আৰু প্ৰকৃতি তেতিয়াহে সুৰক্ষিত হ’ব যেতিয়া চৰকাৰ- জনসাধাৰণ আৰু এই ধৰণৰ বন্য প্ৰেমী সন্থাই ঐক্যবদ্ধভাৱে কাম কৰিব ৷

Exit mobile version