Latmandal Arrested In Juria:উৎকোচ লৈ পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

ঘোচ লওতেই হাতেলোটে কৰায়ত্ত লাট মণ্ডল

anti corruption arrested

Latmandal Arrested In Juria:

ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী দুর্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো শিকনি হোৱাৰ একাংশ খকুৱা চৰকাৰী বিষয়া- কৰ্মচাৰীৰ ৷
শণিবাৰে উৎকোচ লৈ পুনৰ পুনৰ হাত দাঙিলে আৰু এজন ঘোচখোৰে ৷

নগাঁও জিলাৰ ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল সত্যনাৰায়ণ ডেকাই মাটিৰ নামজাৰিৰ নামত ফাইজুৰ ৰহমান নামৰ লোকজনৰ পৰা তিনি হেজাৰ টকা উৎকোচ লওতেই পূৰ্বৰে পৰা অসামৰিক পোচাকত ৰৈ থকা দুর্নীতি নিবাৰক শাখাৰ বিষয়াই গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে আটকাধীন লাট মণ্ডলজনৰ ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়তে দুর্নীতি নিবাৰকৰ বিষয়াই জেৰা চলাইছে যদিও অধিক জেৰাৰ বাবে গুৱাহাটীস্থ কাৰ্যালয়লৈ অনাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে,আটকাধীন লাট মণ্ডলজনে দীৰ্ঘদিন মাটিৰ নামজাৰি কৰাৰ নামত বহুলোকক উৎকোচ বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version