Narcotics Seized In Amingaon:
উত্তৰ- পূৰ্বাঞ্চলৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে শেহতীয়াকৈ কৰিডৰত পৰিণত হৈছে মহানগৰীৰ কেতবোৰ অঞ্চল৷ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ আৰম্ভ কৰা অভিযানৰ মাজতে আমিন গাঁৱত জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ আফিং ৷
বিশেষ খবৰৰ ভিত্তিত কামৰূপ আৰক্ষী আৰু এচ টি এফৰ যুটীয়া অভিযানত এএছ০১-কিউ চি -৯৯৫৬ নম্বৰৰ এখন বলেৰ’ পিকআপ ভানৰ পৰা জব্দ কৰা হয় ৩৬ কিলোগ্রাম আফিং। জব্দকৃত আফিং খিনিৰ মূল্য ছয় কোটি হ’ব বুলি নিশ্চিত কৰে আৰক্ষীয়ে ৷ আনহাতে গ্ৰেপ্তাৰ কৰা হয় চাৰি সৰবৰাহকাৰীক ৷
প্ৰাপ্ত খবৰ মতে, ধৃত সৰবৰাহকাৰী কেইজনে বলেৰ’ পিকআপ ভান খনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল আফিংখিনি । জেৰাত সৰবৰাহকাৰী কেইজনে স্বীকাৰোক্তি দিয়া মতে আফিং খিনি মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল ।
আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইজন হ’ল ক্ৰমে মহম্মদ ছফিকুল আলী ,ৰাজু আলী,মণ্টুল আলী আৰু আইজুল হক । আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷