B K Sharma Action Taken By Govt Against apsc Officials Named In Report:বি কে শৰ্মা আযোগৰ প্ৰতিবেদনত নাম থকা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ তৎপৰতা চৰকাৰৰ

২০১৩ বৰ্ষৰ ৩৪জন বিষয়াৰ নাম আছে আয়োগৰ প্ৰতিবেদনত, ২০১৫ৰ টেবুলেশ্যন শ্বীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা প্ৰাৰ্থীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

bk sarma commission

B K Sharma Action Taken By Govt Against apsc Officials Named In Report:

ন্যায়াধীশ বি কে শৰ্মা আযোগৰ প্ৰতিবেদনত নাম থকা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ তৎপৰতা চৰকাৰৰ ৷
ৰাজ্য চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ এ চি এছ. এ পি এছ আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে।

ন্যায়াধীশ বি কে শর্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্রহণ কৰিছে ।

সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কঠোৰ স্থিতি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে । একেদৰে ২০১৫ বৰ্ষৰ ১২ মে’ত ফলাফল ঘোষণা কৰা এ পি এছ চিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ টেবুলেশন শীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা বিষয়াৰ বিৰুদ্ধেও আয়োগৰ প্ৰতিবেদন মর্মে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে।

উল্লেখ্য যে ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন এ চি এছ. এ পি এছ আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

Exit mobile version