Sensational Robbery Case At Adabari Tinali In The Guwahati:মহানগৰীৰ আদাবাৰী তিনিআলিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

Sensational Robbery Case At Adabari Tinali In The Guwahati:

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ অলিয়ে গলিয়ে পিয়াপি দি ফুৰিছে অপৰাধী । স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে নিবিঘ্নে অব্যাহত ৰাখিছে ইটোৰ পাছত সিটোকৈ ক্ৰাইম

আজি দিন দুপৰতে পুনৰ দিন ডকাইতে চিটিবাছৰ যাত্ৰী এজনৰ পৰা লুটিলে ডেৰ লক্ষাধিক টকা ৷

কমলেশ্বৰ ডেকা নামৰ লোকজনে বাহনৰ মালিকক দিবলৈ আনিছিল টকাখিনি ৷ কিন্ত আদবাটতে দুৰ্বৃত্তৰ হাতোৰা পৰে লোকজনৰ ওপৰত ৷ ছজনীয়া দুৰ্বৃত্তৰ দলে কাঢ়ি নিয়ে তেওঁৰ টকা ভৰ্তি বেগটো ৷

ইতিমধ্যে ভূক্তভোগী কমলেশ্বৰ ডেকা নামৰ লোকজনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে জালুকবাৰী আৰক্ষী থানাত ৷

আনহাতে দিনদুপৰতে সংঘটিত এই ডকাইতি ঘটনাৰ পাছতে আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version