Six Retired Officers Have Been Appointed As Investigating Officers:অপৰাধী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ

ছজন সচিব পৰ্যায়ৰ অৱসৰ প্ৰাপ্ত বিষয়াক নিযুক্তি ৰাজ্য চৰকাৰৰ

janata bhawan

Six Retired Officers Have Been Appointed As Investigating Officers:

বিভিন্ন বিভাগৰ কেলেংকাৰীত জড়িত বিষয়া সকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে নিযুক্তি দিছে ছজন বিষয়াক ৷

উল্লেখ্য যে,চলিতবৰ্ষৰ আগষ্ট মাহতে চৰকাৰে তদন্তকাৰী বিষয়াৰ পেনেল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

সেই অনুসৰি আজি চৰকাৰে অপৰাধী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ ছজন সচিব পৰ্যায়ৰ অৱসৰ প্ৰাপ্ত বিষয়াৰ নিযুক্তিত মোহৰ মাৰে ৷

নিযুক্তি লাভ কৰা বিষয়া সকলে এতিয়াৰ পৰা ৰাজ্যিক তদন্তকাৰী বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰিব ৷

সচিব পৰ্যায়ৰ ছয় অৱসৰ প্ৰাপ্ত বিষয়া হ’ল ইক্ৰামুল হুছেইন,ৰমেন্দ্ৰ নাথ শৰ্মা,মানৱেন্দ্ৰ মেধি,দিব্যজ্যোতি বৰকটকী আৰু দিব্যজ্যোতি শৰ্মা ৷

Exit mobile version