Brazilian Woman Dies Of Heart Attack After Undergoing Fat-Reduction Surgery:চর্বি হ্ৰাসৰ অস্ত্ৰোপচাৰ কৰাই হার্ট এটেকত মৃত্যু ব্রাজিলৰ যুৱতীৰ

model

Brazilian Woman Dies Of Heart Attack After Undergoing Fat-Reduction Surgery:

কছমেটিক ছাৰ্জাৰীয়ে প্ৰাণ কাঢ়িলে ২৯ বছৰ বয়সীয়া এগৰাকী যুৱতীৰ। চৰ্বি হ্ৰাসৰ বাবে লাইপ চাকচন অস্ত্ৰোপচাৰ কৰোৱাৰ পাছদিনাই কৰুণভাৱে মৃত্যুক সাৱটিলে ব্রাজিলৰ সামাজিক মাধ্যমৰ জনপ্ৰিয় যুৱতী লুয়ানা এনড্রেডে।

অস্ত্ৰোপচাৰ কৰোৱাৰ সময়ত একাধিক স্বাস্থ্যজনিত জটিলতাই যুৱতীৰ শৰীৰত দেখা দিছিল আৰু পাছত চাৰিবাৰকৈ হাৰ্ট এটেক হৈ প্ৰাণ হেৰুৱালে লুয়ানাই।

ব্ৰাজিলৰ চাও পাওলোৰ চাওলুইজ হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছিল লুয়ানাৰ। চিকিৎসালয়ৰ সূত্ৰই জনোৱা অনুসৰি, এই অস্ত্ৰোপচাৰৰ বাবে এজন বিদেশী চিকিৎসকক নিয়োগ কৰা হৈছিল।

লুয়ানাৰ মৃত্যুৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি শৰীৰত ৰক্ত জমা হোৱাৰ ফলতে প্ৰাণ হেৰুৱালে সামাজিক মাধ্যমৰ জনপ্ৰিয় তাৰকাজনে। চিকিৎসকে দাবী কৰা অনুসৰি, অস্ত্ৰোপচাৰৰ পূৰ্বে লুয়ানাৰ শৰীৰত কোনো সমস্যাই দেখা দিয়া নাছিল ।

কিন্তু মেদ হ্ৰাসৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছতে তেওঁৰ শাৰীৰিক অৱনতি ঘটে। উল্লেখ্য যে সম্প্রতি বহু লোকে শৰীৰৰ অবাঞ্চিত মেদ হ্ৰাস কৰিবলৈ লাইপ’চাকচন অস্ত্ৰোপচাৰৰ সহায় লৈ আহিছে। এই অস্ত্ৰোপচাৰ যে মানৱ শৰীৰৰ বাবে সম্পূৰ্ণ নিৰাপদ নহয়, সেয়া লুয়ানাৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৷

Exit mobile version