India Has a Turnover Of Rs 50,000 Crore On Dhanteras:ধনতেৰছত দেশত ৫০ হেজাৰ কোটি টকাৰ ব্যৱসায় !

দিল্লীত সর্বাধিক ৫,০০০ কোটি টকা

dhanteras

India Has a Turnover Of Rs 50,000 Crore On Dhanteras:

ধনতেৰছ উপলক্ষে ভাৰতত ৫০,০০০ কোটি টকাৰ ব্যৱসায় সম্পন্ন হ’ল। তদুপৰি ইতিমধ্যে ধনতেৰছৰ প্ৰথমটো দিনতে দেশজুৰি ২৭,০০০ কোটি টকাৰ স্বর্ণ বিক্ৰী হ’ল।

ট্ৰেডাৰ্ছ ফেডাৰেছনৰ তথ্য অনুসৰি শুক্ৰবাৰে ধনতেৰছ উপলক্ষে দেশব প্ৰায়বোৰ স্বর্ণ অলংকাৰৰ বিপণীত যথেষ্ট সংখ্যক লোকে ভীৰ কৰিছিল । অল ইণ্ডিয়া জুয়েলাৰ্চ ফেডাৰেচনৰ তথ্য অনুসৰি, ধনতেৰছত সোণ আৰু ৰূপসহ অন্যান্য মূল্যবান আ-অলংকাৰৰ দেশত ৩০,০০০ কোটি টকাৰ অধিক ব্যৱসায় সম্পন্ন হ’ল।

কেৱল সোণ আৰু অলংকাৰৰ প্রায় ২৭,০০০ কোটি টকাৰ ব্যৱসায় হোৱাৰ বিপৰীতে ৩,০০০ কোটি টকাৰ ৰূপৰ বিক্ৰী হ’ল।

উল্লেখ্য যে ২০২২ বৰ্ষত ধনতেৰছত দেশত ২৫,০০০ কোটি টকাৰ সোণ আৰু ৰূপ বিক্ৰী হৈছিল। ২০২২ত প্রতি ১০ গ্ৰাম সোণৰ মূল্য ৫২,০০০ টকা আছিল আৰু এইবাৰ এই মূল্য হৈছে ৬২,০০০ টকা ।

একেদৰে ২০২২ত প্রতি কিলো ৰূপ ধনতেছত ৫৮,০০০ টকাত বিক্ৰী হৈছিল আৰু এইবাৰ ৭২,০০০ টকাত বিক্ৰী হ’ল ৷ আনুমানিক তথ্য অনুসৰি ধনতেছত ভাৰতত প্ৰায় ৪১ টন সোণ আৰু ৪০০ টন ৰূপৰ গহনা আৰু মুদ্ৰা বিক্ৰী হ’ল ৷

দেশৰ ভিতৰতে ধনতেৰছত ৰাজধানী দিল্লীত সর্বাধিক ৫,০০০ কোটি টকাৰ ব্যৱসায় হ’ল। ধনতেৰছ উপলক্ষে অধিকাংশ গ্রাহকে সোণ আৰু ৰূপৰ অলংকাৰৰ লগতে গণেশ, লক্ষ্মী, কুবেৰৰ মূর্তি ক্ৰয় কৰিছে।

Exit mobile version