Old Man Has Lost 20 Elections In 53 Years :৫৩ বছৰত ২০টা নিৰ্বাচনত পৰাজয়

আমানত বাজেয়াপ্তৰ পাছতো ৰাজস্থানত পুনৰ প্ৰতিদ্বন্দ্বিতা বৃদ্ধৰ

old men

Old Man Has Lost 20 Elections In 53 Years :

এবাৰ দুবাৰ নহয়, ২০ বাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে এজন ব্যক্তিয়ে। অৱশ্যে প্ৰতিবাৰে তেওঁ হৈছিল পৰাজিত। আনকি আমানতৰ ধনো বাৰে বাৰে হৈছিল বাজেয়াপ্ত

কিন্তু ইমানৰ পাছতো থমকি ৰোৱা নাই তেওঁ। ১৯৭০ বৰ্ষৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে ৰাজস্থানৰ বাসিন্দা তিতাৰ সিঙে। পেছাত দিন হাজিৰা কৰা সিঙে পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভাৰ নির্বাচনলৈকে সকলোতে প্রতিদ্বন্দ্বিতা কৰি আহিছে।

কিন্তু এবাৰো জয়ী হ’ব পৰা নাই সিং। প্ৰতিবাৰে সিঙে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বৰ্তমানলৈকে ২০ বাৰ সিঙে নিৰ্বাচনত পৰাজয়ৰণ কৰিলে। কিন্তু কিয় বাৰে বাৰে এইদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে সিঙে? এই প্ৰশ্নৰ উত্তৰ দি সিঙে কয়, ‘মোৰ থাকিবলৈ ঘৰ থাকিলেও ভূমি নিজৰ নামত নাই।

চৰকাৰে আমাক সকলো সুবিধা দিয়া উচিত। কিন্তু দলিত সম্প্ৰদায়ৰ হোৱাৰ পাছতো চৰকাৰে কোনো সাহায্য আগবঢ়োৱা নাই। সেয়েহে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছো।

১৯৭০ বৰ্ষত প্ৰথম প্রতিদ্বন্দ্বিতা কৰিছিলো আৰু তেতিয়াৰে পৰা সকলো নিৰ্বাচনত ম‍ই প্ৰাৰ্থী হিচাপে থিয় দিছো। সমগ্র বছৰ মই দিন হাজিৰা কৰো। কিন্তু নিৰ্বাচন অহাৰ লগে লগে মই সকলো ত্যাগ কৰি নিৰ্বাচনত ব্যস্ত হওঁ।’

সিঙৰ তিনি কন্যা আৰু দুই পুত্ৰ সন্তান আছে। ৰাজস্থান বিধানসভাৰ নিৰ্বাচনত এইবাৰ সিঙে কৰণপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। শপতনামাত সিঙে উল্লেখ কৰা অনুসৰি, তেওঁৰ নগদ ২৫০০ টকা আছে আৰু কোনো ভূমি, সম্পত্তি আৰু গাড়ী নাই।

Exit mobile version