Lamding  Junction Railway Station :লামডিং ৰেলৱে জংচনত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক পৰিদৰ্শন : ৰেলৰ সাধাৰণ ডবাত যাত্ৰী সৈতে মত বিনময়

ৰেলৰ সাধাৰণ ডবাত যাত্ৰী সৈতে মত বিনময়, ষঠ পূজা উপল্লক্ষে ১৫ খন নতুন বিশেষ ৰেলৰ সুবিধা যাত্ৰীৰ বাবে,  তিনিচুকীয়া পৰা বহি:ৰাজ্য লৈ তিনি খন নতুন ৰেল সেৱা

chhart puja special train

Lamding  Junction Railway Station :

লামডিং ৰেলৱে ষ্টেচনত হঠাৎ ৰেলৱে বিষয়াৰ এটা দলৰ পৰিদৰ্শন । ষঠ পূজাৰ উপলক্ষে আজি লামডিং ৰেলৱে ষ্টেচনৰ পৰিদৰ্শন কৰিবলৈ ৰেলৱে মাণ্ডলীক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ, জেষ্ঠ্য মাণ্ডলীক বাণিজ্যিক প্ৰবন্ধক কপিঞ্জল কিশোৰ শৰ্মা , চিনিয়ৰ ডি এম ই সুলভ বিষ্ট, সহ আৰ পি এফ সহকাৰী আৰক্ষী অধীক্ষক গৰাকী তথা আৰক্ষী প্ৰশাসন উপস্থিত হয়হি। অহা শনি আৰু দেওবাৰে সমগ্ৰ ভাৰতবৰ্ষ লগতে অসমতো পালন কৰিব সূৰ্য দেৱতা ষঠ পূজা

সেই উপলক্ষে আজি সন্ধিয়া প্ৰবন্ধক গৰাকীয়ে ৰেল ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে যাত্ৰীবাহী ৰেলটো পৰিদৰ্শন কৰে । ডিব্ৰগড় লালগড় অৱধ আচাম এক্সপ্ৰেছ খনৰ সাধাৰণ দবা আৰু শীতল দবাত যাত্ৰীৰ সৈতে মত বিনিময় কৰে ।

ৰেলত যাত্ৰী সকলে কোনো ধৰণৰ সমস্যা সন্মুখীন হলে ৰেল বিভাগক অৱগত কৰাৰ লগতে ৰেলত যদি কোনো যাত্ৰীয়ে সুৰা তথা ধুমপান কৰে তেনে ক্ষেত্ৰত কৰ্মৰত আৰ পি এফ জোৱান সকলক অৱগত কৰিবলৈও অনুৰোধ জনায় ।

আনফালে ষঠ পূজাৰ উপলক্ষে অসমৰ পৰা বহি:ৰাজ্য লৈ যাত্ৰা কৰা যাত্ৰী সকলৰো খবৰ লোৱাৰ লগতে শুভেচ্ছা বৰ্তাও জনাই । ইয়াৰোপৰি ষঠ পূজাৰ বাবে যাত্ৰী সকলৰ সুবিধাৰ্থে মুঠ ১৫ খন বিশেষ ৰেল চলাচল কৰোৱাৰ লগতে বহি:ৰাজ্যলৈ তিনিচুকীয়া পৰা গৌৰখপুৰ , ডিব্ৰগড়ৰ পৰা গৌৰখপুৰ আৰু নিউ তিনিচুকীয়া পৰা মধুবানী লৈ তিনিখনকৈ নতুন ৰেলসেৱা মুকলি কৰে । যাত্ৰীৰ সুবিধাৰ্থে দৈনিক চলাচল কৰা কেইবাখনো ভাৰতীয় ৰেলত নতুনকৈ দবা সংযোগ কৰিছে বুলিও জানিবলৈ দিয়ে মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে ৷

Exit mobile version