Accused In The Murder Of Anju Darji Was Arrested By The Dispur Police:অঞ্জু দৰ্জী হত্যাকাণ্ডৰ অভিযুক্ত মণিৰ খানৰ দিছপুৰ থানাত আত্মসমৰ্পণ

সোধপোছৰ পাছতে গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

manir khan

Accused In The Murder Of Anju Darji Was Arrested By The Dispur Police:

মহানগৰীৰ অঞ্জু দৰ্জীৰ হত্যাকাণ্ডৰ মুল অভিযুক্ত মণিৰ খানে কেইবাদিন ধৰি আত্মগোপন হৈ থকাৰ পিছত দেওবাৰে দিছপুৰ থানাত আত্মসমৰ্পণ কৰে ৷
আনহাতে দিছপুৰ আৰক্ষীয়ে মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে মনিৰ খানক ৷ মঙলবাৰে আটকাধীন খানক আদালতত হাজিৰ কৰাৰ কথা ৷

ইতিমধ্যে আজি দুপৰীয়া হত্যাৰ ক্লু বিচাৰি দিছপুৰ আৰক্ষী আৰু চিআই ডি দল এটা উপস্থিত হয়গৈ পূৰ্বাশা এপাৰ্টমেণ্টৰ মনিৰ থকা ফ্লেটটোত ৷

উল্লেখযোগ্য যে,মহানগৰীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল অঞ্জু দৰ্জীৰ নামৰ যুৱতী গৰাকীৰ মৃতদেহ। এই এপাৰ্টমেণ্টত অঞ্জু দৰ্জীৰ স’তে বসবাস কৰি আছিল মণিৰ খান । পূৰ্বে বিবাহিত পত্নী আৰু সন্তান থকাৰ পাছতো অঞ্জু দৰ্জীৰ স’তে মণিৰ খান আছিল লিভ-ইনত ৷

স্মতৰ্ৱ্য যে,১২ নৱেম্বৰত পূৰ্বাশা এপাৰ্টমেণ্টত ধনশিৰি মহকুমাৰ চুঙাজানৰ ৫নং দ -গাঁৱৰ যুৱতী অঞ্জু দৰ্জীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছৰে পৰা আত্মগোপন কৰি আছিল মণিৰ খান ৷

মনকৰিবলগীয়া যে,বৰপেটাৰ হাউলিৰ নিবাসী মণিৰ খানৰ আছে পত্নী আৰু দুটি সন্তান ৷ বিবাহিত হোৱাৰ পাছতো অঞ্জুৰ দৰ্জীৰ স’তে এক অবৈধ সমন্ধ গঢ়ি তুলি ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টত একেলগে বাস কৰি আছিল ৷ প্ৰাপ্ত খবৰ অনুসৰি অঞ্জুৰ দৰ্জীৰ স’তে থকা সম্পৰ্কৰ বিষয়ে জ্ঞাত আছিল মনিৰ পত্নী ৷

গুৱাহাটীত বিউটিচিয়ান হ’বলৈ ধনশিৰি মহকুমাৰ চুঙাজানৰ আহিছিল অঞ্জু দৰ্জী। তাৰ পাছতে মনিৰ খানৰ স’তে প্ৰেমৰ সম্পৰ্ক হৈছিল ৷ এই অবৈধ সম্পৰ্কই পৰৱৰ্তী সময়ত অঞ্জু দৰ্জীৰ জীৱনলৈ কাল অমানিশা নামি আহিছিল ৷  উৱলি যোৱা অৱস্থাত আৰক্ষীয়ে অঞ্জু দৰ্জীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা পলাতক অৱস্থাত থাকে মনিৰ খান ৷

 মনিৰ সন্ধানত দিছপুৰ আৰক্ষী আৰু চি আই ডিয়ে চলাইছিল অভিযান ৷ অৱশেষত দেওবাৰে আৰক্ষীৰ জালত ভৰি দিবলৈ বাধ্য হ’ল মনিৰ খান ৷

Exit mobile version