Flights From Rupsi Airport Have Been Stopped Again:পুনৰ বন্ধ হ’ল ৰূপসীৰ পৰা বিমান সেৱা

rupsi airport 1

Flights From Rupsi Airport Have Been Stopped Again:

পুনৰ বন্ধ হৈ পৰিল ৰূপসী বিমানকোঠৰ পৰা বিমানৰ উৰণ-অৱতৰণ। যোৱা পহিলা নৱেম্বৰৰ পৰা এই বিমানকোঠলৈ অহা-যোৱা কৰা ‘ফ্লাই বিগ’ৰ সেৱা বন্ধ হৈ আছে। ব্রিটিছৰ আমোলতে নির্মিত ৰূপসী বিমানকোঠ বহু বছৰ ধৰি বন্ধ হৈ আছিল যদিও প্রায় ৩৯ বছৰৰ মূৰত এই বিমানকোঠটো পুনৰ সুচল কৰি তোলা হৈছিল।

স্বাভাৱিকতে এই বিমানকোঠটো পশ্চিম অসমৰ এক বৃহৎ অঞ্চলৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ, দিনহাটা, আলিপুৰদুৱাৰসহ এক বৃহৎ অঞ্চলৰ লোকৰ বাবে সকাহ হৈছিল।

চুবুৰীয়া পশ্চিমবংগৰ এই অঞ্চলসমূহৰ পৰা ৰূপসীলৈ বহুলোকে ঢাপলি মেলাৰ মূলতে আছিল কোচবিহাৰৰ পৰা বাগডোগ্ৰালৈ দীর্ঘ দূৰত্বৰ পৰিৱৰ্তে ৰূপসীলৈ আহি বিমানত অহা-যোৱা কৰা তেনেই সহজ।

উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰৰ পাছৰে পৰা বন্ধ হৈ আছিল এই বিমানকোঠটো। ১৯৮৪ত এই বিমানকোঠটো পুনৰ ব্যৱহাৰ কৰা হৈছিল যদিও তাৰ পাছৰে পৰা এই বিমানকোঠটো সম্পূর্ণপে বন্ধ হৈ আছিল। ২০২১ত উড়ান প্রকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এই বিমানকোঠটো পুনৰ নিৰ্মাণ কৰি ৰূপসীৰ পৰা নিয়মীয়াকৈ বিমানৰ চলাচল আৰম্ভ কৰিছিল।

ফ্লাইবিগ নামৰ বিমান পৰিবহণ সংস্থাটোক এই বিমানকোঠৰ পৰা গুৱাহাটী আৰু কলকাতালৈ বিমানৰ চলাচল কৰোৱাৰ দায়িত্ব দিয়া হৈছিল। উল্লেখ্য যে
ফ্লাইবিগে মঙলবাৰক বাদ দি সপ্তাহৰ বাকী ছটাদিন ৰূপসীৰ পৰা বিমান চলাচল আৰম্ভ কৰিছিল।

ৰূপসীৰ পৰা কলকাতা,কলকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ ফ্লাইবিগে বিমান চলাচল কৰোৱাইছিল যদিও শেহতীয়াকৈ হঠাতে ফ্লাইবিগে বন্ধ কৰি দিছে বিমান উৰণ। বিমানকোঠ কর্তৃপক্ষৰ মতে বিগত সময়ছোৱাত ফ্লাইবিগৰ বিমানত যাত্ৰীৰ সংখ্যাও ঠিকেই আছিল।

শেহতীয়াকৈ ফ্লাইবিগৰ এক সূত্রই সদৰী কৰা মতে, সংস্থাটোৰ অধীনত থকা দুখনকৈ এটিআৰ-৭২ বিমান উৰণৰ সক্ষমতা প্রমাণ কৰা আৰু প্ৰয়োজনীয় মেৰামতিৰ বাবে প্ৰেৰণ কৰা হৈছে। ফলত বিমানৰ অভাৱত ৰূপসীৰ পৰা বিমানৰ উৰণ বাতিল কৰিছে সংস্থাটোৱে।

প্রসংগত উল্লেখ্য যে এই বিমান পৰিবহণ সংস্থাটোৱে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ স’তে তিনিবছৰীয়া এক চুক্তিও কৰিছিল। কিন্তু তিনি বছৰ নৌহওঁতেই ফ্লাইবিগে কোনো আগজাননী নিদিয়াকৈ হঠাতে ৰূপসীৰ পৰা বিমানযাত্রা প্রত্যাহাৰ কৰাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু যাত্রী।

কেন্দ্ৰীয় চৰকাৰৰ উড়ান-২ প্ৰকল্পৰ অধীনত প্রথম পর্যায়ত ৪০ কোটি টকা আৰু দ্বিতীয় পর্যায়ত ৬৯ কোটি টকা ব্যয়ৰে পুনৰনিৰ্মাণ কৰা ৰূপসী বিমানকোঠটোৰ পৰা বিমানব চলাচল বন্ধ হোৱাৰ সূত্রে বিমানকোঠটো যাতে পুনৰবাৰ অচল হৈ নপৰে সেয়া নিশ্চিত কৰিবলৈ ৰাইজে দাবী জনাইছে।

Exit mobile version