APSC Scam: এপিচিত বক্ৰপথেৰে নিযুক্তি লাভ কৰা দুজনক গ্ৰেপ্তাৰ এছআইটিৰ

নিশা গ্ৰেপ্তাৰ কৰা দুজনেই অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া

apuba @udalguri

APSC Scam:

বহুচৰ্চিত এপিএচি কেলেংকাৰীৰ সন্দৰ্ভত ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত ৩৪ গৰাকী ৰাজপত্ৰিত

 

ইতিমধ্যে আয়োগৰ প্ৰতিবেদন নাম সনিবিষ্ট হোৱা বক্ৰপথেৰে নিযুক্তি লাভ কৰা ৩৪ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে এছ আই টিয়ে মঙলবাৰে মাজনিশা অৰ্তকিতে অভিযান চলাই আটক কৰে দুজন ৰাজপত্ৰিত বিষয়াক  ৷

এছ আই টিৰ জ্যেষ্ঠ বিষয়া তথা আই পি এছ প্রতীক থুবেৰ নেতৃত্বত যোৱা এছ আই টিৰ দলে এপিএছ বিষয়াদ্বয় ছাহজাহান সৰকাৰ আৰু ঐশ্বর্য জীৱন বৰুৱাক নিশাই আটক কৰি বৰ্তমান চিআই ডিৰ কাৰ্যালয়ত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ ধৃত ছাহজাহান যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে নিয়োজিত থকাৰ বিপৰীতে ঐশ্বৰ্য এ এছ পি ৰূপে নিয়োজিত আছিল ওদালগুৰিত ৷

প্ৰাপ্ত খবৰ অনুসৰি এপিএছটিত পিছ দুৱাৰেদি চাকৰি লোৱাৰ অভিযোগত ইতিমধ্যে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম সনিবিষ্ট তালিকা দাখিল কৰিছিল চৰকাৰৰ হাতত ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰস্থিতিৰ পৰিপ্ৰেক্ষিতত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হোৱা ৩৪ জনে ৰাজ্যৰ যিবোৰ স্থানত কৰ্মৰত হৈ আছে সেই স্থানত আজি এছ আই টি দলে অভিযান আৰম্ভ কৰিছে ৷ হয়তো আটাইকেইজনক আটক কৰা সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম সনিবিষ্ট হোৱা ৰাজপত্ৰিত বিষয়াৰ নাম ৷
১/ ধ্রুবজ্যোতি হাতীবৰুবা (এ চি এছ)
২/ ত্রিদিব ৰয় (এ চি এছ)
৩/ আকাশী দুৱৰা (এ চি এছ)
৪/ বিক্রমাদিত্য বৰা (এ চি এছ)
৫/ ধীৰাজ কুমাৰ জৈন (এ চি এছ)
৬/ দীপাংকৰ দত্ত লহকৰ (এপি এছ
৭/ নবনীতা শৰ্মা (এ পি এছ)
৮/ কল্যাণ কুমাৰ দাস (এ পি এছ)
৯/ ফাৰুক আহমেদ (এ পি এছ)
১০/ কুলপ্রদীপ ভট্টাচার্য (এ পি এছ)
১১/ নীলাঞ্জল গগৈ (এ পি এছ)
১২/ নিতুমণি দাস (এ পি এছ)
১৩) পুষ্কল গগৈ (এ পি এছ)
১৪/সুকন্যা দাস (এ পি এছ)
১৫/ কর্মী টিমুংপি (এ পি এছ)
১৬/ অমিত ৰাজ চৌধুৰী (এ পি এছ)
১৭/ অসীমা কলিতা (এ পি এছ)
১৮/ ৰাকেশ দাস (এ পি এছ)
১৯/ ছাহজাহান সৰকাৰ (এপি এছ)
২০/ অনলজ্যোতি দাস (এ পি এছ)
২১/ ঋতুৰাজ দলে (এ পি এছ)
২২/ জগদীশ ব্রহ্ম (এ পি এছ)
২৩/ হিতেশ মজুমদাৰ (এ পি এছ)
২৪/ ঐশ্বর্য জীৱন বৰুৱা (এ পি এছ)
২৫/ সৌৰভ কুমাৰ ভট্টাচাৰ্য (এ.পি এছ)
২৬/ নন্দিনী কাকতি (এ পি এছ)
২৭/ নন্দিতা হাজৰিকা (এ পি এছ)
২৮/ সৌৰভপ্ৰাণ শৰ্মা (আবকাৰী পৰিদৰ্শক)
২৯/বৰকিৰি টেৰাং (কৰ পৰিদৰ্শক)
৩০/জয়ন্ত দলে (কৰ পৰিদৰ্শক)
৩১) প্রিয়ংকা ডেকা (কৰ পৰিদৰ্শক)
৩২/ বিকাশ শৰ্মা (সহকাৰী সমবায় পঞ্জীয়ক)
৩৩/ চক্ৰধৰ ডেকা (সহকাৰী সমবায় পঞ্জীয়ক)
৩৪/ গীতাৰ্থ বৰুৱা (সহকাৰী নিয়োগ বিষয়া)

মনকৰিবলগীয়া যে, ৰাকেশ পালৰ দিনত ২০১৩ চনত  অনুষ্ঠিত হোৱা এপিএছচি উত্তীৰ্ণ হৈছিল ৩৪ জন ৰাজপত্ৰিত বিষয়াই ৷ পৰৱৰ্তী সময়ত ২০১৫ চনত বিভিন্ন পদত নিযুক্তি লাভ কৰিছিল বক্ৰপথেৰে নিযুক্তি লাভ কৰা এই সকল বিষয়াই ৷

Exit mobile version