Gaon pancyat Secretary Arrested In Cachar:কাছাৰত দুৰ্নীতিৰ অভিযোগত আটক গাঁও পঞ্চায়তৰ সচিব

ps arrested

Gaon Pancyat Secretary Arrested In Cachar:

গাঁৱৰ উন্নয়নৰ বাবে অহা ধন গোগ্ৰাসে উদৰস্থ কৰা একাংশ গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷

শেহতীয়াকৈ কাছাৰত দুৰ্নীতিৰ অভিযোগত কালাইন উন্নয়ন খণ্ডৰ অধীনস্থ পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

আটকাধীন গাঁও পঞ্চায়তৰ সচিবজনৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ সাজোৰে উদ্থাপিত হৈছিল ৷ পৰৱৰ্তী সময়ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে তদন্ত কৰি সকলো তথ্য পোহৰলৈ অহাৰ পাছতে সচিব দত্তৰ বিৰুদ্ধে থানাত গোচৰ তৰে ৷

এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক ৷

Exit mobile version