Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: মনৰ স্থিৰতা ৰখাৰ দৰকাৰ হ’ব। অনাহক হ’লেও মনবিৰোধী কথাত খণ্ড উঠিব পাৰে। ভবা মতে কামত অগ্ৰসৰ হ’ব। শুভ বর্ণ মেৰুণ। মেৰুণ বহু ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।

বৃষ: চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাবে ধন নাৰাখিব। বিদ্যাত মধ্যম। মন চঞ্চল থাকিব। শুভ বর্ণ গাঢ় নীলা। এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা আনিব। শুভ সংখ্যা ৪।

মিথুন: ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক। শৰীৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক। শুভ বর্ণ চকলেট । আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ৫।

কর্কট: মজলীয়া দিন। অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হ’ব। আজি আপোনাৰ শুভ বর্ণ হালধীয়া। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ১।

সিংহ: আনৰ কথাত উঠা বহা কৰাসকল সাৱধান থাকক। আজি আপুনি পুৱা বেল গছত পানী ঢালিব। শুভ বর্ণ সেউজীয়া। শুভ সংখ্যা ৩।

কন্যা: বিষয় সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব। কিছুমান পাৰিবেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব। শুভ বর্ণ বগা ৷বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।

তুলা: দূৰ যাত্ৰাদিত বাধা থাকিব। অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰৰ মাজত সোমাই পৰিব। নতুন সংযোগ আছে। আপুনি আজি কমলা বধ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।

বৃশ্চিক: আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব। শৰীৰ সম্পৰ্কে সচেতন ব্যক্তিৰ চিন্তা কম। আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৮।

ধনু: অভাৱনীয় কথাত খৰচৰ পথ ওলাব। নকৰো বুলি বা নিদিও বুলি ভবা কথাকো ৰাখিব নোৱাৰিব। আপোনাৰ শুভ বর্ণ পাতল সেউজীয়া সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭।

মকৰ : কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয় বিদ্যার্থীসকলে আজি পুৱা তুলসীৰ তলত পানী ঢালিব। দুখীয়াক দান কৰিব। শুভ বর্ণ গুলপীয়া। শুভ সংখ্যা ৯।

কুম্ভ: উন্নত পৰিৱেশ। ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে। সন্তানব সান্নিধ্যত উৎসাহিত। আপুনি আজি ক’লা ৰঙৰ পৰা বিৰত থাকক। শুভ সংখ্যা ২।

মীন: কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা। আজি আপুনি যাত্রা কৰোতে মানিবেগত তিনিটা তুলসীৰ পাত ল’ব। ক্রীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।

Exit mobile version