Isreal-Hamas War Update:হামাছ-ইজৰাইলৰ চুক্তি ৰূপায়ণত বিলম্ব

১৩ পণবন্দীক মুকলি কৰি দিয়া হয় , গাজা মহানগৰীত নিয়ন্ত্ৰণ হেৰুৱালে হামাছে:ইজৰাইলী সেনাৰ ঘোষণা

war

Isreal-Hamas War Update:

ইজৰাইল-হামাছৰ মাজত যুদ্ধবিৰতিৰ বাবে বৃহস্পতিবাৰে চুক্তি সম্পন্ন হয় যদিও ইয়াৰ ৰূপায়ণত বিলম্ব হৈছে। পুৱাৰে পৰা চুক্তিৰ দফা অনুসৰি উভয় পক্ষই বন্দী মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিল যদিও সেয়া সম্ভব নহ’ল। শেষ মুহূর্তত দেখা দিয়া কেতবোৰ জটিলতাৰ বাবে এই পর্যন্ত চুক্তি ৰূপায়ণ কৰা হোৱা নাই।

শেহতীয়া তথ্য অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰাহে যুদ্ধত সাময়িক বিৰতি পৰিব। যুদ্ধবিৰতি চুক্তিৰ মধ্যস্থতাকাৰী দেশ কাটাৰে জনোৱা মতে, শুকুৰবাৰে মাজনিশাৰ পৰা ৰূপায়ণ হ’ব এই চুক্তি। প্রথম পর্যায়ত ১৩ জন পণবন্দীক ইজৰাইলক হস্তান্তৰ কৰা হ’ব। এই চুক্তি ৰূপায়ণত পলম হৈছে যদিও মার্কিন যুক্তৰাষ্ট্ৰই দাবী হামাছ-ইজৰাইলৰ চুক্তি এক পৃষ্ঠাৰ পৰা কৰা মতে, চুক্তিৰ সন্মতি অটুট আছে।

তদুপৰি শুকুৰবাৰৰ পৰা চুক্তি ৰূপায়ণ আৰম্ভ হ’ব। ইপিনে, চুক্তি চর্চা চলি থকাৰ মাজতে গাজা ভূখণ্ডত ইজৰাইলী বিমান আক্রমণ আৰু স্থল বাহিনীৰ আক্ৰমণ অব্যাহত আছে।

চুক্তিৰ মধ্যস্থতাকাৰী দেশ কাটাৰৰ বৈদেশিক মন্ত্রণালয়ে আজি এক বিবৃতিত কয় যে শুক্ৰবাৰে পুৱা সাত বজাৰ পৰা আৰম্ভ হ’ব চুক্তি ৰূপায়ণ। তদুপৰি কয় যে প্রথম পর্যায়ত মহিলা আৰু শিশুকে ধৰি ১৩ পণবন্দীক বিয়লি চাৰি বজাত কাইলৈ মুকলি কৰি দিয়া হ’ব।

কাটাৰে কয় যে ইজৰাইলৰ হামাছে কোন পক্ষৰ কাক মুকলি কৰি দিব লাগিব সেই তালিকা লাভ কৰিছে। এগৰাকী পেলেষ্টাইনী বিষয়াই জনোৱা মতে, শেষ মুহূৰ্তত কিছুমান বিতং তথ্য সৰবৰাহৰ জটিলতাৰ বাবে চুক্তি ৰূপায়ণ আজি সম্ভৱ নহ’ল। এই তথ্য হৈছে কিহৰ ভিত্তিত আৰু কিদৰে পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব।

উত্তৰ গাজাত নিয়ন্ত্ৰণ হেৰুৱাইছে হামাছে: হামাছে উত্তৰ গাজাত নিয়ন্ত্রণ হেৰুৱাইছে। আজি ইজৰাইলী বাহিনীয়ে এই দাবী কৰে। ইজৰাইল আৰু হামাছৰ মাজত সম্পন্ন হয় যুদ্ধবিৰতি চুক্তি।

এই চুক্তি ৰূপায়ণত বিলম্ব হোৱাৰ পৰিস্থিতিত আজি ইজৰাইলৰ সেনাবাহিনীয়ে গাজা মহানগৰীৰ বাসিন্দাসকলক সেই স্থান পৰিত্যাগ কৰি মানবীয় মণ্ডলৰূপে অঞ্চললৈ যাবলৈ কয়।

তদুপৰি কয় যে পেলেষ্টাইন সশস্ত্র গোষ্ঠী হামাছে গাজাবাসীক দক্ষিণলৈ যোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যম এক্সত এইদৰে লিখিছে, ‘গাজা মহানগৰীৰ উত্তৰ গাজাৰ নিবাসীসকল বিশেষকৈ প্রাচীন মহানগৰী জাবালিয়া আৰু ছুজাৰিয়া অঞ্চলৰ বাসিন্দাসকলক আমি আপোনালোকৰ আৱাসিক অঞ্চলসমূহ ততালিকে খালী কৰি দিবলৈ আহ্বান জনাও যাতে বিয়লি চাৰি বজালৈ ছালাহ অল-ডীন পথত আপোনালোকৰ সুৰক্ষা নিশ্চিত হৈ থাকে আৰু আপোনালোকে উৱাৰিগাজাৰ দক্ষিণত আৰু মানৱীয় মণ্ডলসমূহত উপস্থিত হ’ব পাৰে।

ইজৰাইলী বাহিনীয়ে জনোৱা মতে, পুৱা ১০ বজাৰ বিয়লি দুই বজালৈ অল ছালাম আৰু অল মনাৰাত স্থানীয়ভাবে সামৰিক কার্যকলাপ বন্ধ ৰখা হ’ব।

ইজৰাইলী বাহিনীয়ে কয়, ‘হামাছে উত্তৰ গাজাত নিয়ন্ত্রণ হেৰুৱাইছে আৰু আপোনালোকক সুৰক্ষিতভাৱে দক্ষিণলৈ যোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ চেষ্টা কৰিছে। ইজৰাইলী বাহিনীয়ে লগতে এটা হেল্প লাইনৰ নম্বৰ মুকলি কৰে য’ত পথত বাধা পালে এই বিষয়ে জনাব পাৰিব।

হামাছে চুক্তি অনুসৰি ৫০ জন পণবন্দীক মুকলি কৰি দিব। ইয়াৰ পৰিৱৰ্তে ইজৰাইলে ডেৰশগৰাকী পেলেষ্টাইনী কাৰাবন্দী মুকলি কৰি দিব। চাৰিদিনীয়া হ’ব যুদ্ধবিৰতিৰ ম্যাদ।

অৱশ্যে আশা কৰা মতে আজি পালন কৰা নহ’ল যুদ্ধবিৰতি চুক্তিৰ দফাসমূহ। ইজৰাইলে চুক্তি ৰূপায়ণত পলম হোৱাৰ ইংগিত দিছে। মনকৰিবলগীয়া যে প্রায় সাত সপ্তাহৰ যুদ্ধৰ পাছত চুক্তি সম্পন্ন কৰা হৈছিল।

Exit mobile version