National Green Tribunal Takes Notice:২৮ হেজাৰ গছ কটাৰ বিৰুদ্ধে গোচৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

অসম চৰকাৰ-ঘাইপথ কর্তৃপক্ষক পক্ষ কৰিলে, এদিনত কাটিলে ২,৩০০ জোপা শালগছ

national green tribunal

National Green Tribunal Takes Notice:

জালুকবাৰীৰ পৰা গোৱালপাৰালৈ ১২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ আৰু পুৰৰ নিৰ্মাণৰ নামত ২৮ হেজাৰ জোপা গছ কাটি খাস্তাং কৰাৰ অভিযানক লৈ অৱশেষত গা লৰিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ।

পথ নিৰ্মাণৰ নামত বৃহৎ হাৰত এনেদৰে গছ কাটি তহিলং কৰিবলৈ পৰিকল্পনা বাস্তবায়িত কৰাক লৈ ৰাজ্যত অব্যাহত থকা প্ৰতিক্ৰিয়াৰ সময়তে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে অসম চৰকাৰ আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড’ (এনএইছআইডিচিএল)ক পক্ষ কৰি এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিছে।

উল্লেখ্য যে সংবাদ মাধ্যমত প্রকাশিত , বাতৰিৰ আধাৰতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই গোচৰটো ৰুজু কৰিছে। সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য এ ৰি চেছিল ভেলৰ বিচাৰপীঠে এই গোচৰটো ৰুজু কৰিছে। সেউজ ন্যায়াধিকৰণে সদৰী কৰা তথ্য মতে, পৰিৱেশ ৰক্ষা আৰু এই সম্পৰ্কীয় বিভিন্ন আইনৰ আধাৰত ব্যাপক হাৰত গছ কটাৰ বিষয়টো এক প্রাথমিক বিষয়ৰূপে লৈ অসম চৰকাৰৰ মুখ্য সচিব আৰু এনএইছআইডিচিএলৰ অধ্যক্ষক পক্ষ কৰি এই গোচৰটো ৰুজু কৰা হৈছে।

উল্লেখ্য যে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ যোৱা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বহু পুৰণি শাল তথা চেগুন গছে পথটোৰে যাত্ৰা কৰা প্রতিজন যাত্রীকে এক সতেজ পৰিৱেশ প্ৰদান কৰি আহিছে। শাৰী শাৰী শাল গছ, চেগুন গছে এই পথটোক প্রদান কৰিছে এক নয়নাভিৰাম দৃশ্যৰ উৎস।

পথটোৰে অহা-যোৱা কৰা যাত্ৰীয়ে এবাৰলৈ হ’লেও পথৰ কাষত ৰৈ শাৰী শাৰী গছৰ মাজত ফটো উঠাটো এক পৰিচিত দৃশ্য; কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে থকা বহু বছৰ পুৰণি এই গছসমূহে সৃষ্টি কৰা নৈসর্গিক দৃশ্যক অতীত কৰি ব এনএইছআইডিচিএলে প্রায় ২৮ হেজাৰ জোপা গছ কাটিবলৈ লক্ষ্য লোৱাৰ কথা স্বীকাৰ কৰিছে।

আনকি এই পৰিকল্পনাৰ অংশৰূপে ইতিমধ্যে বৃহৎ সংখ্যক গছ কাটি পেলোৱাৰ তথ্যও সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোরে। চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত এনেদৰে গছ কটাক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্ৰিয়াৰ।

চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে যোৱা ১৯ নৱেম্বৰত এই সম্পৰ্কত সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি পথটোৰ সেউজ পৰিৱেশক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰসংগ উত্থাপন কৰিছিল। ভিডিঅ’টোত এজাক শিশুৱে পুৰণি গছসমূহক আৱৰি মানৱ শৃংখল প্ৰদৰ্শনৰ লগতে গছসমূহক সাবটি ধৰি শিশুসকলে গছৰ সুৰক্ষাৰ দাবী কৰিছিল।

চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে আনকি এই ক্ষেত্ৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি গছসমূহ কাটি তহিলং কৰাৰ বিৰোধিতা কৰিছিল। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে পথটোৰ দুয়োকাষে থকা গছসমূহ কটাক কেন্দ্র কৰি শেহতীয়াকৈ নিজাববীয়া গোচৰটো ৰুজু কৰিছে।

উল্লেখ্য যে ইতিমধ্যে নৰনাৰায়ণ সেতুলৈ থকা এই পথছোৱাত মাথোঁ এটা দিনতে এনএইছআইডিচিএলে কাটি বগৰাইছিল ২,৩০০ জোপা বহু বছৰ পুৰণি শালগছ। ইয়াৰ উপৰি হিচাপ নোহোৱাকৈ কাটিছে পথৰ দুয়োকাষে থকা কৃষ্ণচূড়া, ৰাধাচূড়া আৰু বকুল গছ।

যিখন ৰাজ্যত চৰকাৰী উদ্যোগত দুই কোটি গছ ৰোপণৰ দৰে ব্যবস্থা গ্রহণৰে পৰিৱেশ ৰক্ষাৰ চেষ্টা চলোৱা হৈছে, সেই সময়তে চাৰিশাৰীযুক্ত পথ নিৰ্মাণৰ স্বাৰ্থত ২৮ হেজাৰ জোপা শাল-চেগুন গছ কাটিবলৈ তৎপৰ হোৱাটো আশ্চর্যজনকৰূপে চিহ্নিত হৈছে।

Exit mobile version