Moran Murder:মৰাণত দানৱৰূপী পুত্ৰই গচকি গচকি হত্যা কৰিলে মাতৃক

মাতৃহন্তা কুলাংগাৰ পুত্ৰক আটক আৰক্ষীৰ

accused

Moran Murder:

মৰাণত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড জোকাৰি গৈছে ৰাজ্য ৷ নিজ জন্মদাত্ৰী মাতৃক গছকি গছকি হত্যা কৰিলে পুত্ৰই। মৰাণৰ ১০৮ নং খোৱাং গ্ৰাণ্টৰ আইদেউ সন্দিকৈ পথত সংঘটিত হয় এই হত্যাকাণ্ড।

৩৭ বৰ্ষীয় উত্তম বৰুৱা নামৰ কুলাংগাৰ যুৱকজনে মাতৃ অনু বৰুৱাক বাসগৃহৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰাৰ বিষয়ে প্ৰতিবেশী লোকে গম পাই আৰক্ষীক খবৰ দিয়ে ৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাতৃহন্তা উত্তম বৰুৱাক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,একেটা ঘৰত বসবাস কৰা মাতৃ-পুত্ৰৰ মাজতে প্ৰায়ে হাই কাজিয়া হৈ থকাৰ বিষয়ে জানিব দিয়ে স্থানীয় লোকে ৷

কুলাংগাৰ পুত্ৰ উত্তম বৰুৱাই প্ৰায়ে সুৰাপান কৰি আহি মাতৃৰ স’তে বাকবিতণ্ডা লগাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

Exit mobile version