Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি

ৰাজ্যৰ বিভিন্ন প্রান্তত অনুষ্ঠিত গণ সমাবেশ-কার্যকর্তা সম্মিলন, সকলো মন্ত্রীকেই গণ সমাবেশৰ গুৰু দায়িত্ব মুখ্যমন্ত্ৰীৰ

assam bjp

Assam Bjp Press Release:

ভাৰতীয় জনতা পার্টি, অসম প্রদেশে সমাগত লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে অসমৰ প্রতিটো প্রান্তত দলব যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি সাংগঠনিক শক্তি সক্রিয়তা বৃদ্ধি কৰি তুলিছে।

এই উপলক্ষে বি টি আৰ, উজনি অসমকে ধৰি ৰাজ্যখনৰ কেইবাটাও বিধানসভা সমষ্টিত কার্যকর্তা সম্মিলন, গণ সমাবেশ অনুষ্ঠিত কৰি ভাৰতীয় জনতা পার্টিত ব্যাপক হাৰত বিভিন্ন বাজনৈতিক দলৰ নেতা-নেত্রীক যোগদান কৰাৰ পর্ব বিজেপিয়ে ইতিমধ্যে অব্যাহত ৰাখিছে।

যোৱা কেইটা দিনত মন্ত্রী অশোক সিংহালে ডুমডুমা, ঢেকিয়াজুলী, তেজপুৰ, বৰপেটা, কোকৰাঝাৰত, জয়ন্ত মল্ল বৰুৱাই কোকৰাঝাৰ আৰু নলবাৰীত, পিযূষ হাজৰিকাই ভেৰগাঁও, কোকৰাঝাৰ, মাহমৰা, সোণাৰি, নাজিৰা, থাওৰাত, ৰণজিৎ কুমাৰ দাসে বাক্সাত, অজন্তা নেওগে গোৰেশ্বৰ আৰু তামুলপুৰ সমষ্টিত, ডা:ৰণোজ পেগুৱে কোকবাঝাৰত অনুষ্ঠিত কেইবাখনো কার্যকর্তা সম্মিলন আৰু গণ সমাবেশত অংশগ্রহণ কৰি দলীয় কার্যকর্তা সকলৰ মনোবল বৃদ্ধি কৰিছে।

দলৰ মুখ্য কার্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত এই তথ্য সদৰী কৰি দলব মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে অনুষ্ঠিত হৈ যোৱা প্রতিখন সভাতে জনতাৰ মাজত দলটোৰ প্রতি গ্রহণযোগ্যতা পূর্বতকৈ অভূতপূর্বভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যাৰ পৰিপ্ৰেক্ষিতত কার্যকর্তাসকল অতিকৈ উৎসাহী আৰু সক্রিয় হোবা পৰিলক্ষিত হৈছে। বিবৃতিটোত কোৱা হয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সমগ্র দেশৰ জনসাধাৰণে সবংগীন বিকাশ হৈছে ডাবল ইঞ্জিনৰ চৰকাৰৰ প্রভাৱত অসমত কল্যাণকামী আঁচনি সমূহে সমাজৰ শেষ ব্যক্তিজনকো স্পর্শ কৰিবল সক্ষম হৈছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ কর্মৰাজিয়ে অসমৰ প্রতিটো প্রান্তৰ লোকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিতত সমাগত লোকসভা নির্বাচনত জনতাৰ সমৰ্থন বিজেপিৰ পক্ষত থাকিব সেয়া নিশ্চিত।

তৃণমূল পর্যায়ত ভাৰতীয় জনতা পাটিৰ শক্তিশালী কৰাৰ লক্ষ্যৰে টি টিএ ডি অঞ্চলৰ৪০ টা পৰিষদীয় সমষ্টিত ৪০ জন দায়িত্বপ্রাপ্ত নেতাই বুথে বুথে গৈ দলীয় কামকাজ সম্পাদনা কৰিছে। ইয়াৰ উপৰিও লোকসভা সমষ্টি সমূহত প্রবাস আৰম্ভ কৰিছে।

আনহাতে অসম চৰকাৰৰ মন্ত্রী বিমল বৰাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পর্বতঝেৰাত এখন বিশাল গণ সমাবেশত অংশগ্রহণ কৰি দলীয় কৰ্মকৰ্তা সকলক সম্বোধন কৰে।

কেইবা সহস্রাধিক লোকৰ উপস্থিতিত আয়োজিত হৈ যোৱা উক্ত সভাত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, প্রাক্তন বিধায়ক বনেন্দ্র মুছাহাৰী, কোকৰাঝাৰ জিলাৰ সভানেত্রী কবিতা বসুমতাৰী, অবিচি কর্ণবেশ্যনৰ উপ সভাপতি বিশ্বজিত ৰায়, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, নিলেশ্বৰ ৰায়, জয়ন্ত সিংহকে প্রমুখ্যে কৰি বহুকেইজন নেতা- নেত্রী উপস্থিত থাকে।

পর্বতঝেৰা সমষ্টিৰ এই বিশাল জনসমাবেশৰ পিছত অসম চৰকাৰৰ উদ্যোগ মন্ত্রী বিমল বৰাই বাওখাংগুৰি বিধানসভা সমষ্টিৰ এখন বিশাল গণসমাবেশত অংশগ্রহণ কৰিব।

উক্ত সমাবেশত বি পি এফ, কংগ্রেছকে ধৰি কেইবাটাও দলৰ বহুকেইজন নেতা-নেত্রীয়ে ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰিব।

একেদৰে আন এগৰাকী মন্ত্রী পীযূষ হাজৰিকাই নবগঠিত সমষ্টিত টংলাত অনুষ্ঠিত হৈ যোৱা বিশাল গণ সমাবেশত অংশগ্রহণ কৰে। উক্ত সভাত সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শাস্তিয়াজ কুজুৰ, মুখপাত্র ৰূপম গোস্বামী, জিলা সভাপতি সুনীল বসুমতাৰীকে আদি কৰি কেইবাজনো দলীয় নেতা উপস্থিত থাকে।

অনহাতে অহা মণ্ডলবাৰে মন্ত্রী ডা:ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত আৰু এখন বিশাল জনসমাবেশ অনুষ্ঠিত হ’ব বুলি মুখপাত্র গৰাকীয়ে প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছে ।

Exit mobile version