Guwahati Lachit Sangha Rash Mahotsav:গুৱাহাটীত ৰাস মহোৎসৱ

lachit Sangha 2

Guwahati Samriddhi The Strength of Unity Rash Mahotsav:

গুৱাহাটীৰ উলুবাৰীত অষ্টমবাৰৰ বাবে অনুষ্ঠিত হৈছে বৃহত্তৰ গুৱাহাটী সাৰ্বজনীন ৰাস মহোৎসৱ। Samriddhi The Strength of Unity ৰ উদ্যোগত গুৱাহাটীৰ লাচিত সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত, ২৬ নৱেম্বৰ দেওবাৰে সন্ধ্যা বৈদিক ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰা হয়।

তাৰ পিছতে আয়তিৰ নাম-প্ৰসংগৰে ৰাসস্থলী মুখৰিত হয়। এই ৰাস মহোৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ সমুহ মৃন্ময় মূৰ্তিৰ ৰূপত উপস্থাপন কৰা হয়। নিশালৈ অনুস্থিত সাংস্কৃতিক সন্ধ্যাত স্থানীয় শিল্পীসকলে কৃষ্ণ বন্দনা পৰিবেশন কৰে।

সোমবাৰে কৃষ্ণ বন্দনা আৰু নামৰ পিছতে এই মহোৎসৱৰ অন্ত পৰে। নৈৰ বুকুত প্ৰতিমাসমূহ বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে

Exit mobile version