Hengerabai Anushka Death Incident:সন্দেহৰ আবৰ্ত্তত হেঙেৰাবাৰীৰ অনুষ্কা শহকীয়াৰ মৃত্যুৰ ঘটনা !

সন্দেহৰ আওতাত তিনিজনকৈ লোক, দিছপুৰ আৰক্ষীৰ তলৱ অনুসৰি থানাত হাজিৰ প্ৰেমিক ৰাহুল শইকীয়া

anushka 2

Hengerabai Anushka Death Incident:

মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত অনুষ্কা শইকীয়াৰ চাঞ্চল্যকৰ মৃত্যুৰ ঘটনাই ইতিমধ্যে পদে পদে সলনি দৃশ্যপদ ৷

অনুষ্কাৰ মৃত্যুৰ স’তে নাম সাঙোৰ খাইছিল প্ৰেমিক ৰাহুল শইকীয়াৰ নাম সাঙুৰ খাইছিল। যাৰবাবে দিছপুৰ আৰক্ষীয়ে থানাত হাজিৰ হ’বলৈ তলৱ কৰিছিল ৰাহুলক ৷ আজি দুপৰীয়া ৰাহুল শইকীয়া হাজিৰ হয় দিছপুৰ থানাত ৷ থানাত তদন্তকাৰী আৰক্ষী বিষয়া সহ ক্ৰাইম বাঞ্চৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, আৰক্ষীৰ উপযুপৰি জেৰাত ৰাহুলে দিয়া তথ্যত পতিয়ন যোৱা নাই আৰক্ষী৷ এনেক্ষেত্ৰত যিকোনো সময়তে আৰক্ষীয়ে ৰাহুলক আটক কৰাটো নিশ্চিত হৈ পৰিছে ৷

উল্লেখ্য যে, শনিবাৰে নিশা ৰাহুল-অনুষ্কাৰ মাজত কিবা কথাক লৈ দুয়োৰে মাজত সৃষ্টি হয় তীব বাকবিতণ্ডা ৷ দুয়োৰে মাজত হোৱা কথাৰ কটাকটি সন্দৰ্ভত আৰক্ষীৰ আগত সদৰি কৰিছে অনুষ্কাৰ ভাড়াঘৰৰ মালিকৰ ঘৰুৱা বনকৰা মহিলা জুনুৱে ৷ আনহাতে সন্দেহৰ আওতাত ৰাখি ভাড়াঘৰৰ মালিক ৰমেশ ভৰালীকো আৰক্ষীয়ে সোধপোছ কৰিছে ৷

উল্লেখযোগ্য, হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সমীপত থকা এটা ভাড়া ঘৰত ভাড়াতীয়া হিচাপে আছিল ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়া ৷ পেচাত তেওঁ আছিল এগৰাকী বিউটীচিয়ান ৷ শনিবাৰে ৰহস্যজনভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতী গৰাকী

ইয়াৰ পাছতে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ অতি তৎপৰতাৰে কেতবোৰ সমল উদ্ধাৰ কৰি ইতিমধ্যে বনকৰা মহিলা জুনু বৰা আৰু ভাড়াঘৰৰ মালিক ৰমেশ ভৰালীক আৰক্ষীয়ে জেৰা কৰিছে।

স্মতৰ্ৱ্য যে, যুৱতী গৰাকীৰ মৃত্যুৰ খবৰ পাই হেঙেৰাবাৰীত উপস্থিত হোৱা অনুষ্কা শইকীয়াৰ মাতৃ শোকত মিয়ম্ৰাণ হৈ এইয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰে । তাৎপৰ্যপূৰ্ণভাৱে অনুষ্কা প্ৰেমিক ৰাহুল শইকীয়াৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠাত অনুষ্কাৰ মাতৃয়ে একেমুখে নাকচ কৰে ৷

উল্লেখ্য যে,অনুষ্কা শইকীয়াৰে বিয়া থিক হৈ আছিল প্ৰেমিক ৰাহুল শইকীয়াৰ ৷ আনহাতে অনুষ্কা মৃত্যুৰ ১৫ ঘণ্টা পূর্বে  ইনষ্টাগ্ৰামত তেওঁৰ প্ৰেমিকৰ সৈতে হাতত হাত ধৰা এখন ফটোও শ্বেয়াৰ কৰিছিল। কিন্তু হঠাৎ অনুষ্কাৰ ইনষ্টাগ্ৰামৰ সকলো ফটো ডিলিট  হয় ।

হঠাৎ অনুষ্কাৰ ফটোবোৰ ডিলিট হৈ যোৱা বিষয়টোক লৈ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত ৷ যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যু ঘটনা প্ৰেমজনিত নে আন কিবা ৰহস্য জড়িত হৈ আছে তাৰো তদন্ত অব্যাহত ৰখা হৈছে যদিও ইতিমধ্যে প্ৰাৰম্ভিক তদন্তত সন্দেহৰ আঙুলি অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়া বুলি একপ্ৰকাৰ নিশ্চিত হৈছে আৰক্ষী ৷ এনে ক্ষেত্ৰত যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল ৷

Exit mobile version