Magistrate Sentenced The Police To Cut Grass:আদালতত আধা ঘণ্টা পলমকৈ উপস্থিত আৰক্ষী

দণ্ডাধীশে বিহিলে ঘাঁহ কটাৰ শাস্তি

grass

Magistrate Sentenced The Police To Cut Grass:

মহাৰাষ্ট্ৰৰ পৰভনী জিলাত এক- আমোদজনক ঘটনা সংঘটিত হ’ল। জিলাখনৰ এখন আদালতে দুজন আৰক্ষীক আজৱ শাস্তি বিহিলে। দৰাচলতে এই দুই আৰক্ষী কোনো গোচৰত অভিযুক্ত ব্যক্তি নাছিল।

আৰক্ষী দুজনৰ দোষ এয়ে যে তেওঁলোকে আদালতত আধা ঘণ্টা পলমকৈ উপস্থিত হৈছিল। আৰক্ষী দুজনৰ বাবে আদালতে অপেক্ষা কৰিব লগা হৈছিল। দুয়ো আৰক্ষীয়ে যেতিয়া পলমকৈ আদালতত হাজিৰ হৈছিল, তেতিয়া দণ্ডাধীশৰ ইমানে খং উঠিল যে কর্তব্যত বিলম্ব কৰা দুই আৰক্ষীক তেওঁ শাস্তি বিহিলে।

দণ্ডাধীশে দুই আৰক্ষীক ঘাঁহ কটাৰ শাস্তিৰ ৰায় দিলে। এইদৰে আদালতত পলমকৈ উপস্থিত হৈ শাস্তিব সম্মুখীন হোৱা দুই আৰক্ষীয়ে মানৱত আৰক্ষী থানাত কনিষ্টবল আৰু হেড কনিষ্টবল হিচাপে কাম কৰে।

দণ্ডাধীশৰ আদালতে এক গোচৰত প্রায় আধা ঘণ্টা সময় দুই আৰক্ষীৰ বাবে অপেক্ষা কৰিব লগা হৈছিল। দৰাচলতে দুই আৰক্ষীয়ে নিশা টহল দিয়াৰ সময়ত দুজন সন্দেহজনক লোকক আটক কৰিছিল আৰু উক্ত দুই ব্যক্তিক পিছদিনা পুৱা ১১ বজাত মানবত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ সময় নির্ধাৰণ কৰা হৈছিল।

কিন্তু অভিযুক্তসহ আৰক্ষী ১১-৩০ বজাতহে আদালতত উপস্থিত হৈছিল। আদালতে আধা ঘণ্টা সময় আৰক্ষীৰ বাবে অপেক্ষা কৰে। দুই আৰক্ষী আদালতত পলমকৈ উপস্থিত হোৱাত দণ্ডাধীশে তেওঁলোকক অনুশাসনমূলক দণ্ড বিহি ঘাঁহ কাটিবলৈ নির্দেশ দিয়ে। এই ঘটনাই অঞ্চলটোত সম্প্রতি বিশেষ চর্চা লাভ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়েও বিভাগীয় তদন্তৰ নির্দেশ দিছে।

Exit mobile version