Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

papaya

Papaya Leaves Prevention Of Dengue:

ডেংগুৰ বিষয় এতিয়া নতুনকৈ কোৱাৰ একো প্রয়োজন নাই। বছৰৰ প্ৰায় সকলো সময়তে মানুহ এই মহবাহিত ৰোগত আক্রান্ত হৈ আছে।

ADVERTISEMENT

অৱশ্যে বৰষুণৰ দিনত ইয়াৰ প্ৰভাৱ বেছি হয়। কাৰণ বৰষুণত জমা হোৱা পানীতে ডেংগু মহে কণী পাৰে। বানৰ সমান্তৰালকৈ ৰাজ্যত জাপানী এনকেফেলাইটিছ, ছুৱাইন ফ্লু, মেলেৰিয়া, ডেংগু আদিয়েও ব্যাপক ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ ডেংগুৰ লক্ষণতো পৰিৱৰ্তন দেখা গৈছে।

অৱশ্যে এই ৰোগৰ স’তে সংগ্রাম কৰিবলৈ আপুনি আতংকিত হোৱাৰ পৰিৱর্তে সতর্ক হৈ থাকিব লাগিব। ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ লগতে সকলো সময়তে আঠুৱা তৰিহে শুব লাগে। ইয়াৰ উপৰি ঘৰৰ পৰা ম’হ খেদিবলৈ কইল বা অন্য পদ্ধতি ব্যৱহাৰ কৰিব লাগে।

ডেংগুৰ পৰা সুস্থ হ’বলৈ অতি কার্যকৰী হ’ব পাৰে অমিতা পাতৰ ৰস। ইয়াত আছে কাইম’পেপিন আৰু পেপাইন, যি বস্তৰ প্লেটলেটৰ সংখ্যা আৰু ৰক্ত সঞ্চালন স্বাভাৱিকতে সহায় কৰে। ফলত ডেংগুৰ স’তে সংগ্রাম কৰাৰ ক্ষমতা বাঢ়ি যায়। একাধিক গৱেষণাতো ইয়াৰ প্ৰমাণ পোৱা গৈছে।

ৰস তৈয়াৰ কৰাৰ কৌশল:

অমিতা পাতৰ ৰস তৈয়াৰ কৰিবলৈ পাতখিনি প্রথমে ভালদৰে ধুই ল’ব লাগিব। তাৰ পাছত পাতখিনি কোনো পৰিষ্কাৰ পটা বা তেনে সামগ্রীত থেতেলিয়াই ল’ব। এইবাৰ ৰসখিনি ছেকি লৈ তাত এচামুচ মৌ মিহলাব।

কিদৰে পান কৰিব:

অমিতা পাতৰ ৰস ডেংগুৰ ৰোগীক প্রতিদিনে তিনি বেলা তিনি কাপকৈ পান কৰিব। ৰোগী লাহে লাহে সুস্থ হৈ উঠিব। অৱশ্যে ইয়াৰ লগতে চিকিৎসকৰ পৰামর্শও গ্রহণ কৰাটো জৰুৰী।

Exit mobile version