Sexual Assault Incident In Barbari:মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা

কাম দিয়াৰ ছলেৰে যুৱতীক ভিডিঅ' কৰি ব্লেকমেইল, যৌন উৎপীড়ন কৰা ৫০ ঊৰ্ধ্বৰ ব্যক্তিক কৰায়ত্ত বীৰ লাচিত সেনাৰ

saxual incident

Sexual Assault Incident In Barbari:

মহানগৰীত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। এগৰাকী যুৱতীক সংস্থাপন দিয়াৰ নামত যৌন উৎপীড়ন কৰা ৫০ ঊৰ্ধ্বৰ ব্যক্তি আলহী হ’ল ৰঙাঘৰৰ ৷ এই লজ্জাজনক ঘটনা সংঘটিত হয় বৰবাৰীত ৷

প্ৰফুল্ল হাজৰিকা নামৰ পশ্চাশ উৰ্ধৰ লম্পট ব্যক্তিজনে এগৰাকী যুৱতীক কাম দিয়াৰ প্ৰলোভনৰে অপকৰ্মৰ ভিডিঅ’ কৰি পৰৱৰ্তী সময়ত ব্লেকমেইল কৰিবলৈ ধৰে ৷
লম্পটোৰ হাৰাশাস্তিত অতিষ্ঠ হৈ ভুক্তভোগী যুৱতী গৰাকী শৰণাপন্ন হয় বীৰ লাচিত সেনাৰ মহানগৰ কমিটিৰ ৷ যুৱতী গৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত লম্পট প্ৰফুল্ল হাজৰিকাক অতি তৎপৰতাৰে কৰায়ত্ত কৰে বীৰ লাচিত সেনাই ৷

আনকি ইতিমধ্যে জেৰাত স্বীকাৰোক্তি দিয়ে তেওঁৰ কৰা অপকৰ্মৰ সৱিশেষ ৷ পাছত আৰক্ষীক গতাই দিয়ে লাচিত সেনাই ৷ এই সন্দৰ্ভত যুৱতী গৰাকীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷

উল্লেখ্য যে,লম্পট ব্যক্তিজনৰ ঘৰ হোজাই জিলাৰ এক নং কাকীত ৷

Exit mobile version