Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ: শাৰীৰিক দিশত দুর্বলতা থাকিব। বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব। ব্যৱসায়ত মধ্যম। পঢ়া-শুনাত বেয়া নহ’ব। সন্তানৰ শুভ।

বৃষ: কর্মক্ষেত্রত বেয়া নহ’ব। কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলাটো রাঞ্ছনীয়। বিদ্যার্থীৰ বাবে দিনটো শুভ। প্রেমত অস্থিৰতা থাকিব। চুটি ‘ভ্রমণ হ’ব পাৰে।

মিথুন: আজি প্রায় দিশে কিছু হ’লেও ফৰকাল। বিদ্যাতো তেনে বাধা দেখা নাযায়। কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব। দাম্পত্যত মধ্যম। ব্যৱসায়ত শুভ।

কর্কট: শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নোৱাৰি। একাধিক কথাত মন বিক্ষিপ্ত থাকিব। গুৰুত্বপূৰ্ণ কামত প্রগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে। প্ৰেমত বাধা।

সিংহ: আজিৰ দিনটো প্রায় ফৰকাল। শৰীৰো বেয়া নাযাব। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। মনৰ মানুহৰ সান্নিধ্য লাভ। দাম্পত্যতো বেয়া নহ’ব।

কন্যা: মনটো বেয়া নাযাব। ঘৰুৱা পৰিৱেশো অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। আৰ্থিকত বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা।

তুলা: কর্মক্ষেত্রত বাধা কম পাব। ঘৰুৱা খেলি-মেলিৰ পৰা কিছু উন্নতি। ভ্রমণত জটিলতা নাই। দাম্পত্যতো শুভ। বিদ্যাত মধ্যম ফল পাব। প্রেমত হতাশা।

বৃশ্চিত: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ- অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে।

ধনু: আপোনাৰ স্বভাবগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা থাকিব। ব্যৱসায়ত মধ্যম।

মকৰ : কৰ্মতৎপৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব। ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্রমণত কষ্ট। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কুম্ভ: কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মীন: কাৰ্যকৰী সংযোগত অনুকুল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব।

Exit mobile version