One Arrested With Fake Gold Boat And Notes:জালুকবাৰীত নকল সোণৰ নাও সহ এজনক আটক , জব্দ নকল নোট

paddlar 1

One Arrested With Fake Gold Boat And Notes:

মহানগৰীৰ জালুকবাৰীত আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত এজন লোকৰ পৰা নকল নোট আৰু নকল সোণৰ নাও জব্দ কৰে ৷

জালুকবাৰী উৰণসেঁতুৰ সমীপত জালুকবাৰী আৰক্ষীয়ে বিশেষ খৱৰৰ ভিত্তিত নাওবৈচাৰ আতোৱাৰ ৰহমান নামৰ কুখ্যাত সৰবৰাহকাৰীৰ পৰা নকল সোণৰ এখন নাও আৰু ৩২ হাজাৰ টকাৰ নকল নোট উদ্ধাৰ কৰে ৷

উল্লেখ্য যে,ধৃত সৰবৰাহকাৰীটোৱে নকল সোণৰ নাও খন বিক্ৰীৰ বাবে লখিমপুৰৰ নাওবৈছাৰ পৰা আহি নামনি অসমলৈ যোৱাৰ উদ্দেশ্যৰে জালুকবাৰী চ’কত ৰৈ আছিল ৷

ইতিমধ্যে ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version