Dhemaji District BJP President Resigns:ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ

নতুন সভানেত্ৰী হিচাপে নিযুক্তি ৰূপা কামানক

prema dutta

Dhemaji District BJP President Resigns:

শনিবাৰে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই হঠাতে সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত দত্তই পাৰিবাৰিক সমস্যাৰ বাবে সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি যোৱাত অসুবিধা হোৱা বুলি উল্লেখ কৰিছে ।

কিন্ত বিশেষ সূত্ৰে জানিব পৰা মতে,দলীয় অন্তকলহত জৰ্জড়িত জিলা বিজেপিত ৷ যাৰবাবে সভাপতি হিচাপে দত্তই পদে পদে সন্মুখীন হৈছিল কাৰ্যনিৰ্বাহ কৰাত ৷
আনহাতে শেহতীয়াকৈ জিলা সভাপতি পদ সলনিৰো প্ৰস্তুতি চলাই আছিল ৰাজ্যিক নেতৃত্বই ৷ যাৰ সম্ভেদ পাই ক্ষোভিত হৈ শনিবাৰে সভাপতি পদ ত্যাগ কৰে প্ৰেম দত্তই ৷

শেহতীয়া খবৰ অনুসৰি ,প্ৰেম দত্তই সভাপতি ত্যাগৰ পাছতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ততাতৈয়াকৈ জিলাৰ জ্যেষ্ঠ বিজেপি নেত্ৰী ৰুপা কামানক সভানেত্ৰী হিচাপে নিযুক্তি দিয়ে ৷

ইপিনে,উত্তৰ পাৰৰ গুৰুত্বপূৰ্ণ জিলা খনত হঠাতে জিলা বিজেপি সভাপতি গৰাকীয়ে পদত্যাগ কৰা বিষয়টোক গুৰুত্ব সহকাৰে লৈছে ৰাজ্যিক নেতৃত্ব ৷ সদ্য পদত্যাগি প্ৰেম দত্তৰ ক্ষোভ প্ৰশমিত কৰিবৰ বাবে ৰাজ্যিক সভাপতিয়ে এজন নেতাক ধেমাজিলৈ প্ৰেৰন কৰিছে বুলি জানিব পৰা গৈছে ৷

 

Exit mobile version