APSC SCAM:ADCP Sukanya Das Arrested:এপিএছচিত বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ গুৱাহাটীৰ এডিচিপি সুকন্যা দাস

বিশেষ ন্যায়াধীশৰ আদালতে পাঁচদিনৰ জিন্মাত দিলে এছআইটিক

sukainnya das arrested

APSC SCAM:ADCP Sukanya Das Arrested:

বহুচৰ্চিত এপিএছচিত বক্রপথেৰে চাকৰি কৰা আৰু এজন ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰে চিআইডিৰ বিশেষ আৰক্ষী গোটে ৷ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ ক্ৰাইম বাঞ্চৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত হিচাপে কৰ্মৰত সুকন্যা দাসক গ্ৰেপ্তাৰ সোমবাৰে গ্ৰেপ্তাৰ কৰে এছ আই টি- এ ৷

সুকন্যা দাসক এছ আই টি- এ গ্ৰেপ্তাৰ কৰি পোনে পোনে স্বাস্থ্য পৰীক্ষা কৰি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় ৷ আদালতে পাঁচদিনৰ বাবে এছ আই টিৰ জিন্মাত দিয়ে ৷

উল্লেখ্য যে, ছখন বহীৰ সলনি আটকাধীন বিষয়া গৰাকীৰ আছিল চাৰিখন বহী ৷ ইয়াৰে দুখন বহী ভুৱা বুলি নিশ্চিত কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷

মনকৰিবলগীয়া যে, এপিএছচি কেলেংকাৰীত ইতিমধ্যেই সাঙোৰ খাইছে বহু কেইগৰাকী নাম সাঙোৰ । এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ দাস নামৰ ACS বিষয়াগৰাকীক। আনে লিখা উত্তৰবহীৰে এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লৈছিল দাসে।

উদ্থাপিত অভিযোগ অনুসৰি ৰাকেশ দাসৰ পিতৃৰ স’তে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ সূত্ৰে বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া ৰূপে নিযুক্তি পাইছিল ৰাকেশ দাস ৷

আনহাতে বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া হোৱা ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি ইতিপূৰ্বে প্ৰেৰণ কৰে জেল হাজোতলৈ

এছ আই টিয়ে তলৱ কৰা আৰু কেবাজনো এপিএচ আৰু এচিএছ বিষয়াক দুই এদিনতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Exit mobile version