Anumula Revanath Reddy Was Sworn In As The New Chief Minister Of Telangana:ছোনীয়া,ৰাহুল,প্ৰিয়ংকাৰ উপস্থিতিত তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত আনুমুলা ৰেৱনাথ ৰেড্ডীৰ

শপত গ্ৰহনত উপস্থিত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে সহ কংগ্ৰেছী শাসিত মুখ্যমন্ত্ৰী সকল

telangana 1

Anumula Revanath Reddy Was Sworn In As The New Chief Minister Of Telangana:

বৃহস্পতিবাৰে তেলেংগানাৰ নতুন মুখ্যমন্ত্রী ৰূপে শপত লয় তেলেংগানা কংগ্ৰেছৰ সভাপতি আনুমুলা ৰেৱনাথ ৰেড্ডীয়ে ৷ হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজিত বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শপত লয় এজন উপ- মুখ্যমন্ত্ৰী সহ ১১জন মন্ত্রীয়ে।

প্ৰায় লক্ষাধিক জনতাৰ সন্মুখত অনুষ্ঠিত সুবিশাল শপত গ্ৰহণ অনুষ্ঠানত অংশ লয় কংগ্ৰেছৰ তিনমুৰ্তি স্বৰূপ ছোনিয়া গান্ধী,ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগতে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে সহ কংগ্ৰেছী শাসিত মুখ্যমন্ত্ৰী সকলে ৷ একেদৰে উপস্থিত থাকে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু তেলেংগানাৰ কংগ্ৰেছ প্ৰভাৰী মণিকৰাও ঠাকাৰে ৷

নতুন মুখ্যমন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰায় ৰাজ্যপাল তামিলীচায় সুন্দৰাজুৰ্ণই ৷ মুখ্যমন্ত্ৰীৰ লগতে উপ- মুখ্যমন্ত্ৰী হিচাপে শপত লয় ভট্টী বিক্রমার্কাইৱো ৷ শপত লোৱা অন্য মন্ত্ৰী সকল হ’ল কমতিৰেদ্দি ভেংকট ৰেড্ডী, দামোদৰ ৰাজনাৰসিংহ, পংগুলেতি শ্রীনিবাস ৰেড্ডী, দনা আনসুয়া, তুম্মালা নাগেশ্বৰ ৰাও, কোণ্ডা সুৰেখা আৰু জুপল্লী কৃষ্ণ ৰাও,উত্তম কুমাৰ ৰেড্ডী, শ্ৰীধৰ বাবু আৰু পোন্নম প্ৰভাকৰ ৷

Exit mobile version