Horoscope:দিনটোৰ ৰাশিফল

horoscope new 1

Horoscope:দিনটোৰ ৰাশিফল

মেষ: উন্নত পৰিৱেশ। মানসিক দিশতো অনুকূল দেখা যায়। সা-সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা। কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে।

বৃষ: প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি- কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক।

মিথুন: আজিও খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যবাধকতা হ’লেও ভাবি-চিন্তি নিজৰ কাম কৰক। ব্যৱসায়ত শুভ।

কর্কট: এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব। পাৰিবাৰিক উন্নত। প্রাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধুবৰ্গৰ সহায়-সহযোগ দেখা যায়। পঢ়া- শুনাত মধ্যম। দাম্পত্যত শুভ।

সিংহ: বাধা বিঘিনি কিছু হ্রাস হ’ব পাৰে। দুপৰীয়াৰ পৰা বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্ৰৱঞ্চকৰ পৰা। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। প্রেমত গতানুগতিক।

কন্যা : শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে-ত’তে একো মন্তব্য নিদিব। সমগ্র দিনটো আপোনাৰ উৎসাহজনক।

তুলা: আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই। এই ক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি অশান্বিত হ’ব। বৃদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ।

বৃশ্চিক: খৰচ-পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছুৱে সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব। পঢ়াত মন ৰাখক। দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে।

ধনু: ক্রমে দিনটো কিছু আশাপ্রদ। অৱশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাত মনোযোগ বঢ়াওক। জাতি-কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা।

মকৰ : কৰ্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্ৰভাৱ পেলাব পাৰে। দাম্পত্যত মধ্যম সময়।

কুম্ভ: অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়। শৰীৰ মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকূল। প্রেমত মধ্যম।

মীন: অনুকূল পৰিৱেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব। সুসংবাদত খুচি হ’ব পাৰে। দাম্পত্যত বেয়া নহ’ব।

Exit mobile version