Lat Mandal Arrested In Bongaigaon:পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুর্নীতি নিবাৰকৰ জালত ঘোচখোৰ লাট মণ্ডল

mandal arrested

Lat Mandal Arrested In Bongaigaon:

উৎকোচ লৈ পুনৰ হাত দাঙিলে আৰু এজন লাট মণ্ডলে ৷ সোমবাৰে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই অৰ্তকিতে অভিযান চলাই ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে সুধীৰ পাল নামৰ মণ্ডলজনক ৷

উল্লেখ্য যে,আটকাধীন ঘোচখোৰ লাট মণ্ডলজনৰ বিৰুদ্ধে মাটিবাৰি সম্পৰ্কীয় কামকাজ কৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা উৎকোচ দাবী কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

শেহতীয়াকৈ লাট মণ্ডলজনৰ উৎকোচ বিচৰা সন্দৰ্ভত বিভিন্নজনে অভিযোগ দিছিল দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাত ৷ অৱশেষত আজি ঘোচ লৈ থাকোতেই
দুর্নীতি নিবাৰকৰ জালত পৰে সুধীৰ পাল ৷

Exit mobile version