Leopard Deadbody Recovered In Guwahati:মহানগৰীৰ গণেশপাৰাত উদ্ধাৰ দুটা নাহৰফুটুকীৰ মৃতদেহ

ঠেং বান্ধি থোৱা অৱস্থাত আছিল এটা নাহৰফুটুকী, আনটো নাহৰফুটুকীক গাহৰি মাংসত বিহ দি হত্যাৰ সন্দেহ বন বিভাগৰ

tiger 1

Leopard Deadbody Recovered In Guwahati:

মহানগৰীৰ গণেশপাৰাৰ ৰাজমোহন পথত উদ্ধাৰ দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ । দাতিঁকাষৰীয়া পাহাৰৰ এঘৰলোকৰ পাছফালে পৰি থকা অৱস্থাত থকা নাহৰফুটুকীৰ মৃতদেহৰ সম্ভেদ লাভ কৰাৰ পাছতে বন বিভাগ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখ্য যে, একেলগে একেঠাইতে দুটা মতা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

বন বিভাগ,ফৰেনছিক আৰু ৰাজ্যিক চিৰিয়াখানাৰ বিষয়াসকলে নাহৰফুটুকী দুটাৰ মৃতদেহৰ প্ৰাথমিক পৰ্যায়ৰ তদন্তক্ৰমে নিশ্চিত হৈছে যে দুয়োটা বাঘকে হত্যা কৰা হৈছে ৷ এটাক গাহৰি মাংসত বিহ দি হত্যা কৰাৰ বিপৰীতে আনটোক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে ৷

কিয়নো এটা নাহৰফুটুকীৰ চাৰিটা ভৰি বান্ধি থোৱাা লগতে দাঁত ভঙা অৱস্থাত আছিল ৷ আনটো মুখৰ পৰা ফেন ওলোৱা অৱস্থাত আছিল ৷

আনহাতে স্থানীয় লোকে নাহৰফুটুকী দুটাই কাজিয়া লাগি আঘাতপ্ৰাপ্ত হৈ মৃত্যু মুখত পৰিছে বুলি উল্লেখ কৰিছে যদিও বন বিভাগ এইয়া নাকচ কৰে ৷

ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ বাবে নাহৰফুটুকী দুটাৰ মৃতদেহ বন বিভাগে প্ৰেৰণ কৰিছে ৷ মৰনোত্তৰ পৰীক্ষাতহে সকলো স্পষ্ট হ’ব বুলি মন্তব্য কৰে বন বিভাগৰ উচ্চপদস্থ বিষয়া এগৰাকীয়ে ৷ এই ঘটনাই সমগ্ৰ গণেশপাৰা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Exit mobile version