BJP Will Give Kaziranga Or Tezpur To The AGP:কাজিৰঙা অথবা তেজপুৰহে দিব অগপক, প্রার্থী হ’ব লাগিব স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

লোকসভা নিৰ্বাচনৰ সমষ্টিক লৈ মিত্ৰ দলক জটিলতাৰ মাজলৈ ঠেলিলে বিজেপিয়ে, প্রার্থী দিল্লীৰ মতে হ'ব লাগিব বুলিও চর্ত

keshab mahanta

BJP Will Give Kaziranga Or Tezpur To The AGP:

লোকসভা নিৰ্বাচনত মিত্ৰদলৰ স’তে আসন বুজাবুজিৰ প্ৰক্ৰিয়াত অতি সন্তর্পণে আগবাঢ়িছে বিজেপিয়ে। কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ দলীয় বিৰোধী মঞ্চই স্বাভাৱিকতে শাসকীয় দলটোৰ প্ৰতি প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। কিয়নো বিৰোধী মঞ্চই প্রতিটো সমষ্টিত উমৈহতীয়া এজন প্রার্থী প্রক্ষেপৰ সিদ্ধান্ত লৈছে।

তেনে ক্ষেত্রত বিজেপিয়ে বাহিৰত আনে দেখাকৈ বিষয়টোত উদ্বিগ্নতা প্রকাশ নকৰিলেও ভিতৰি অত্যন্ত সতর্কতা অৱলম্বন কৰিবলগীয়া হৈছে। সেইকাৰণে মিত্রদল বিশেষকৈ অসম গণ পৰিষদক সমষ্টি এৰি দিয়াৰ ক্ষেত্রত যথেষ্ট হিচাপ-নিকাচ কৰিছে।

তাৰ লগতে নিজস্ব শক্তি বৃদ্ধিৰো পৰিকল্পনা কৰিছে। ইউপিপিএলক লৈ সমস্যা হোৱা নাই এইকাৰণেই যে দলটোক এৰি দিবলগীয়া সমষ্টি বিটিআৰতে সীমাবদ্ধ। অগপৰ ক্ষেত্রত এইটো স্বাভাৱিকতে নহয়। আকৌ অগপই এই দাবী বাৰম্বাৰ জনাই আহিছে যে তেওঁলোকক বিজয় নিশ্চিত এটা সমষ্টি এবি দিব লাগিব। যদিও অগপৰ ক্ষেত্ৰত ব্যক্তিগত স্তৰত বিষয়টো আত্মমর্যাদা হানিকৰ, তথাপি দলটোবে এই দাবী সজোৰে বিজেপিৰ মজিয়াত তথা বিজেপিৰ নেতৃত্বৰ  আগত বাৰে বাৰে উত্থাপন কৰিছে।

তদুপৰি অগপই বিচাৰিছে যে বিজেপিয়ে  তেওঁলোকক দুটাতকৈ অধিক সমষ্টি এৰি দিয়ক; কিন্তু অগপৰ এই দাবীক বিজেপিয়ে কিমানদূৰ মান্যতা দিয়ে সেয়া সময়ত স্পষ্ট হ’ব। ইয়াৰ বিপৰীতে সাম্প্রতিক হিচাপ-নিকাচত অগপক অতি বেছি দুটা সমষ্টিহে বিজেপিয়ে এবি দিয়াৰ স্থিতিত আছে।

সেই অনুসৰি দলটোক ধুবুৰী এৰি দিয়াৰ স্থিতিত বিজেপি আছে। আনটো সমষ্টি তেজপুৰ হোৱাৰ সম্ভাৱনা অধিক। তেজপুৰ এৰি দিয়াৰ চর্তও বিজেপিয়ে অগপক দিছে। এই সময়তে অগপই নবগঠিত কাজিৰঙা সমষ্টিও বিচৰাৰ প্ৰসংগ আহিছে। কাজিৰঙাৰ প্রার্থী কোন হ’ব সেয়াও প্ৰাৰম্ভিকভাবে নির্ধাৰণ কৰিছে দলটোৱে।’

কাজিৰঙা বিচৰাৰ দাবী উত্থাপনৰ পাছতে মুখ্যমন্ত্রীয়ে একপ্ৰকাৰ নাকচেই কৰিছে। তথাপি আলোচনাৰ প্ৰয়োজনীয়তা আছে বুলি দিয়া আশ্বাসৰ ভিত্তিত অগপই নিজৰ দাবীৰ পৰা আঁতৰি অহা নাই। অগপৰ এনে ভূমিকাৰ বাবে এতিয়া বিজেপিয়ে দলটোক ঠেলি দিছে জটিল এক অংকলৈ।

কাজিৰঙাৰ দাবী বাৰম্বাৰ উত্থাপন কৰাত অগপক স্পষ্ট কৰি দিয়া হৈছে যে যদিহে সমষ্টিটো বিজেপিয়ে এৰিব লাগে, তেজপুৰ সমষ্টি নাপাব। অর্থাৎ অগপই সর্বাধিক দুটা সমষ্টিতে প্রার্থী প্রক্ষেপ কৰিব পাৰিব। তাৰে এটা ধুবুৰী হোৱাৰ বিপৰীতে আনটো তেজপুৰ অথবা কাজিৰঙা হ’ব লাগিব। কেবল এয়াই নহয়, কাজিৰঙাতো বিজেপিৰ মতেহে অগপৰ প্রার্থী হ’ব।

সেই অনুসৰি কাজিৰঙাত প্রার্থী হ’ব লাগিব স্বাস্থ্যমন্ত্রী কেশৱ মহস্ত। মন্ত্রী মহন্ত সাংসদ নির্বাচিত হোৱাৰ পাছত খালী হ’বলগীয়া বিধানসভা সমষ্টিৰ উপ-নির্বাচনত প্রার্থী হ’ব বিজেপিৰ পৰা।

উল্লেখ্য যে তেজপুৰৰ ক্ষেত্ৰতো এই একে চর্তই বিজেপিয়ে অগপৰ ওপৰত আৰোপ কৰি থৈছে। সেই অনুসৰি তেজপুৰত লোকসভাৰ প্রার্থী হ’ব লাগিব বিধায়ক পৃথ্বিৰাজ ৰাভা। তেওঁ সাংসদ নির্বাচিত হোৱাৰ পাছত তেজপুৰ বিধানসভা সমষ্টিৰ উপ- নির্বাচনত প্রার্থী হ’ব বিজেপিৰ সাংসদ পল্লৱ লোচন দাস। বিজেপিৰ এনে চর্তই অংকত আউল লগাইছে অগপৰ শিবিৰত।

উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যে এই পর্যন্ত তেওঁলোকে বিজয়ী হ’বলগীয়া আসনৰ সংখ্যা হ’ল চাৰে ১১ খন। প্রত্যাহ্বান থাকিলেও বিজেপিয়ে মিত্রজোঁটৰে মিলি এইবাৰ ন্যূনতম ১১ টা সমষ্টিত জয়লাভ নিশ্চিত কৰাৰ যুঁজত অবতীর্ণ হৈছে। এই সংখ্যা ১২ টালৈ বৃদ্ধিৰো গুণা-গঁথা অব্যাহত ৰাখিছে দলটোৱে।

Exit mobile version