Wild Elephant Attack In Tamulpur:তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বন্যহস্তীৰ আতংক

বগামাটিৰ গ্ৰাছলেণ্ডত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক

wild elephant attack

Wild Elephant Attack In Tamulpur:

দিনক দিনে বৃদ্ধি পাইছে হস্তী- মানৱৰ সংঘাত ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱ্তী অঞ্চলত ব্যাপক উপদ্ৰৱ চলাই অহাৰ মাজতে শুক্ৰবাৰে সন্ধিয়া বগামাটি গ্ৰাছলেণ্ডত সংঘটিত হৈছে শোকাৱহ ঘটনা ৷
গৰু আনিবলৈ যাওঁতে হঠাৎ হাতীয়ে গচকি মাৰে দুজন গঞাক । নিহত লোক দুজনৰ নাম ৰাজেশ তিৰ্কী (৩০) আকু অজয় মিন্স (৩১) ৷ দুয়োজনৰে ঘৰ দেওচুঙা ওৰাং বস্তিত ।

উল্লেখ্য যে, শীতকাল অহাৰ লগে লগে তামুলপুৰ আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে প্ৰায়ে আতংক সৃষ্টি কৰাত গঞা হৈ পৰিছে ত্ৰস্তমান ৷

পথাৰত ধান পকাৰ পাছত ধান দাবলৈ যোৱা লোকসকলো আতংকিত হৈ পৰিছে । আনকি জাকে জাকে অহা বনৰীয়া হাতীয়ে খেতিপথাৰ খাই-গচকি তহিলং কৰিছে।

Exit mobile version