CM Vigilance Raid On Soil Conservation DFO Akhtar Hussain’s Guwahati Residence:ভূমি সংৰক্ষণৰ ডি এফ অ আখতাৰ হুছেইন পৰ্বতসম সাম্ৰাজ্যত চি এম ভিজিলেঞ্চৰ পুনৰ অভিযান

মহানগৰীৰ হাতীগাঁৱৰ শেৱালি পথৰ প্ৰাসাদোপম অট্টালিকাক ভিজিলেঞ্চৰ তালাচী

akhtar hussin

CM Vigilance Raid On Soil Conservation DFO Akhtar Hussain’s Guwahati Residence:

দুর্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চ শেহতীয়াকৈ ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ এচিএছ বিষয়া সুকন্যা বৰা আৰু লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা চামেদ আলীৰ পৰ্বতসম সম্পত্তি দেখি অভিযান চলাবলৈ যোৱা ভিজিলেঞ্চ দল হৈ পৰিছিল হতভম্ব ৷

ইয়াৰ মাজতে এইবাৰ চিএম ভিজিলেন্সৰ জালত পৰিছে ভূমি সংৰক্ষণ বিভাগৰ ডিএফঅ আখতাৰ হুছেইন ৷

সোমবাৰে চি এম ভিজিলেন্সৰ এটা দলে দুর্নীতিগ্ৰস্ত ডিএফঅ জনৰ মহানগৰীৰ হাতীগাৱঁৰ শেৱালী পথত থকা প্ৰাসাদোপম অট্টালিকাত অভিযান চলায় ৷

ডিএফঅ জনৰ বিৰুদ্ধে ইতিমধ্যে ভিজিলেঞ্চে ৰজু কৰা ৬/২০২৩ নম্বৰ গোচৰৰ ভিত্তিতে পুৱাৰে পৰা আৰম্ভ কৰে তালাচী ৷

আয়ৰ সৈতে সামঞ্জস্যহীন গোচৰ ৰুজু হোৱা আখতাৰৰ বিশাল অট্টালিকাৰ ভিতৰৰ প্ৰতিটো কোঠাৰ খৰচী ইনটেৰিয়ৰ ডিজাইন দেখি ভিজিলেঞ্চৰ টিমো হৈ পৰে হতবাক ৷

উল্লেখ্য যে,কেৰোণেৰে ধন আহৰণ কৰা ডিএফঅ আখতাৰৰ গৃহ জিলা গোৱালপাৰাত আছে বহু সম্পত্তি ৷ এটা সাতমহলীয়া বিয়াগোম অট্টালিকা সহ ভিন্নস্থানত আছে দুটাকৈ পকী বাসগৃহৰ উপৰিও আন চাৰিস্থানত বহুবিঘা ভূমি থকাৰ তথ্য লাভ কৰিছে ভিজিলেঞ্চে ৷

মনকৰিবলগীয়া যে,ধেমাজীত ডিএফ অ হৈ থকা সময়ত সংঘটিত কৰিছিল ব্যাপক অনিয়ম ৷ আনকি শিলচৰতো কৰ্মৰত হৈ থকা সময়তো পবৰ্তসম সম্পত্তি
আহৰণ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version